সাংবাদিক গ্ৰেপ্তাৰৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

আজি সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দুই বিৰোধী দল কংগ্ৰেছ আৰু ৰাইজৰ দলে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ দিলোৱাৰ হুছেইন মজুমদাৰক ৰাজ্য চৰকাৰে গ্ৰেপ্তাৰ কৰি স্বেচ্ছাচাৰিতাৰ প্ৰমাণ দিয়া বুলি অভিযোগ উত্থাপন কৰি সাংবাদিকজনক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনাই দুয়োটা ৰাজনৈতিক দলে আজি ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে৷ কংগ্ৰেছ দলে গুৱাহাটীৰ ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তিলাক দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ হাত হাতে বিভিন্ন শ্ল’গান লিখা বেনাৰ-পোষ্টাৰ লৈ কংগ্ৰেছৰ নেতা-নেত্ৰীসকলে ৰাজীৱ ভৱনৰ ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ জ্যেষ্ঠ নেতা বিপুল কুমাৰ গগৈ, জ্যেষ্ঠ নেত্ৰী ববিতা শৰ্মা, বিধায়িকা শিৱামণি বৰাসহ কেইবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মীৰ উপস্থিতিত আজি কংগ্ৰেছে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পুত্তলিকা দাহ কৰে৷ সাংবাদিকৰ স্বাধীনতা অক্ষুন্ন ৰাখক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত আঘাত মানি লোৱা নহ’ব, একনায়কত্ববাদৰ অন্ত হওক, অসমক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক, গণতন্ত্ৰৰ প্ৰতি এই ভাবুকি ওফৰাই পেলাম আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অন্তৰ্গত গুৱাহাটী মহানগৰ কমিটীয়ে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে। তদ্ৰুপ কংগ্ৰেছৰ যোৰহাট জিলা, পশ্চিম কাৰ্বি আংলং জিলাকে ধৰি কেইবা ঠাইত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰি দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰোধ কৰে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে শীঘ্ৰে দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰৰ বিৰোধ কৰি শীঘ্ৰে তেওঁক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে৷ জ্যেষ্ঠ নেত্ৰী ববিতাই শৰ্মাই কয় যে দিলোৱাৰ হুছেইন মজুমদাৰে তেওঁ সাংবাদিক তেওঁ তেওঁৰ কৰ্তব্য পালন কৰিবলৈ গৈছিল৷ তেওঁ কৰ্তব্যপালন কৰি এপেক্স বেংকৰ যি দুৰ্নীতি সেই দুৰ্নীতিৰ বাতৰি কৰিবলৈ গৈছিল৷ বেংকৰ মানুহজনে তেওঁক নিজেই মাটি পঠিয়াইছিল৷ তাৰ বাবে কিয় তেওঁক গ্ৰেপ্তাৰ কৰিলে? যাক লৈ আজি গোটেই অসম তোলপাৰ লাগিছে৷

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ