সাংবাদিক দিলোৱাৰৰ গ্ৰেপ্তাৰক গৰিহণা প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ

গুৱাহাটীৰ এটা প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰক কঠোৰ ভাষাৰে গৰিহণা দিছে প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়া চমুকৈ পিচিআই৷ পিচিআইৰ সভাপতি গৌতম লাহিড়ী আৰু মহাসচিব নীৰজ ঠাকুৰে পৰিয়ালক অৱগত নকৰাকৈ আৰু কোনো লোকক সাক্ষাৎ কৰিব নিদি সংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক কেইবা ঘণ্টা ধৰি থানাত বহুৱাই ৰাখি পিছত গ্ৰেপ্তাৰ কৰা কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰিছে৷ এক বিবৃতিত কয় পিচিআই কয় যে এই বিষয়ত অসম আৰক্ষীৰ উচ্ছৃংখলতাক গৰিহণা দিছো৷ পৰিয়াল আৰু সহকৰ্মীসকলক প্ৰথমতে কি কাৰণত আটক কৰা হৈছিল সেই বিষয়ে অৱগত কৰিবলৈ অস্বীকাৰ কৰিছে আৰক্ষীয়ে। এজন সাংবাদিকক তেওঁৰ কৰ্তব্য পালন কৰাত বাধা দিয়াটো সংবাদ মাধ্যমৰ স্বাধীনতাৰ এক গুৰুতৰ উলংঘন৷ সংবিধানৰ অনুচ্ছেদ ১৯ (১) (এ)ৰ অধীনত অধিকাৰ নিশ্চিত কৰা হৈছে। পিচিআইয়ে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত হস্তক্ষেপ কৰি সম্পূৰ্ণ আন্তৰিকতাৰে চাবলৈ আৰু আৰক্ষীয়ে আইনৰ প্ৰকৃত আত্মাক সন্মান কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। মজুমদাৰৰ বিৰুদ্ধে কোনো মিছা অভিযোগ থাকিব নালাগে, এক পিছপৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোক৷ মিছাকৈ অভিযুক্ত কৰাৰ বাবে অনুসূচীত জাতি/জনজাতি আইন অপব্যৱহাৰ নকৰিবলৈ নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁৰ নিয়মীয়া নিজৰ কৰ্তব্য পালন কৰি দুৰ্নীতি সম্পৰ্কীয় এক সংবেদনশীল প্ৰতিবাদৰহে কভাৰ কৰি আছিল বুলি উল্লেখ কৰে পিচিআইয়ে৷ আনহাতে প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াই সকলো সাংবাদিকে দিলোৱাৰ হুছেইন মজুমদাৰৰ সপক্ষে দিয়াৰ কথা ব্যক্ত কৰি কয় যে ২৬ মাৰ্চৰ মাজনিশা অসম আৰক্ষীয়ে জ্যেষ্ঠ ডিজিটেল মিডিয়াৰ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আজি গুৱাহাটী প্ৰেছ ক্লাবৰ কৰা প্ৰতিবাদক সমৰ্থন জনাইছে প্ৰেছ ক্লাব অৱ ইণ্ডিয়াই৷

  • Related Posts

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…