

সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছুৱে৷ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নেতা মোছাব্বিৰ আলী আহমেদে ২৪ ঘণ্টাৰ ভিতৰত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি নিদিলে আন্দোলনৰ হুংকাৰ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইনৰ দেহৰক্ষী বঢ়াই দিলেই নহ’ব, আক্ৰমণ কৰা ব্যক্তিক কঠোৰ শাস্তি দিয়াৰ দাবী নেতাগৰাকীৰ৷ ৰাজনৈতিক ভাৱে মতানৈক্য থকিব পাৰে কিন্তু এজন জনপ্ৰতিনিধিক এনেদৰে আক্ৰমণ কৰা ঘটনাক তীব্ৰ নিন্দা কৰি নগাঁও আৰক্ষী অধীক্ষকৰ ভূমিকাক লৈ সন্দেহ ব্যক্ত কৰে মোছাব্বিৰ আলী আহমেদে৷ আমছুৰ মুখ্য সাংগঠনিক সম্পাদক ছাহিদুল ইছলামে কয় যে আইন শৃংখলা আজি কোন দিশত৷ এজন নিৰ্বাচিত সাংসদৰেই নিৰাপত্তা নাই৷ তেনে স্থলত সাধাৰণ জনতাৰ নিৰাপত্তা ক’ত বুলি কটাক্ষ কৰে। মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা বৃদ্ধি কৰিম বুলি কোৱা মন্তব্যক কটাক্ষ কৰি ছাহিদুলে কয় যে এখন কমিটি গঠন কৰি তদন্ত ক্ৰমে আক্ৰমণকাৰীক চিনাক্ত কৰি ব্যৱস্থা লোৱা হওক। ৰাজনৈতিক আদৰ্শৰ মতানৈক্য থাকিব পাৰে, ৰাজনৈতিক বাবে কোনোবাই ভাল পাব কোনোবাই বেয়া পাব সেয়া ৰাইজে বিচাৰ কৰিব বুলি কয়৷