
ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনক হালাকুৰাৰ সোনাখুলিৰ এজন লোকৰ ফেচবুক একাউণ্টৰ পৰা হত্যাৰ ভাবুকি প্ৰদান কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কালি হালাকুৰা আৰক্ষী তালাচী চকীৰ অন্তৰ্গত সোনাখুলি প্ৰথম খণ্ড গাঁৱৰ মোস্তাফা আলীৰ পুত্ৰ আনছাৰ আলীৰ ফেচবুক একাউণ্টৰপৰা সাংসদ ৰকিবুল হুছেইনৰ ফেচবুক একাউণ্টৰ কমেণ্ট বক্সত হত্যাৰ ভাবুকি প্ৰদান কৰিছিল। এই সন্দৰ্ভত সাংসদ হুছেইনে দিল্লীৰপৰা ই-মেইল যোগে ধুবুৰী সদৰ থানালৈ এজাহাৰ প্ৰদান কৰে। এজাহাৰ সন্দৰ্ভত গোলকগঞ্জ আৰক্ষী যোগাযোগ কৰাত আনছাৰ আলী নিশাতে গৈ গোলকগঞ্জ থানাত উপস্থিত হয়। গোলকগঞ্জ থানাত তেওঁ এজাহাৰ দিব বিচাৰে যদিও ভাৰপ্ৰাপ্ত বিষয়াই এজাহাৰ হালাকুৰা আৰক্ষী তালাচী চকীত দিয়াৰ পৰামৰ্শ দিয়ে। কোনো অজ্ঞাত লোকে তেওঁৰ নাম আৰু ফটো ব্যৱহাৰ কৰি বিভিন্নজনক ভাবুকি প্ৰদান কৰা বুলি নিশাই আনছাৰ আলীয়ে হালাকুৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। উল্লেখ্য যে যোৱা ২৪ ডিচেম্বৰত একেটা একাউণ্টৰপৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল। এই সন্দৰ্ভত ২৬ ডিচেম্বৰত গোলকগঞ্জ আৰক্ষীয়ে পুৱা ১০ বজাত যুৱকজনক আটক কৰি থানালৈ নিয়ে। তেওঁ ব্যৱহাৰ কৰা তিনিটাকৈ মোবাইল আৰক্ষীয়ে জব্দ কৰি তদন্ত চলায়। দীৰ্ঘসময় সোধা-পোছাৰ অন্তত মোবাইল তিনিটা জব্দ কৰি নিশা এক বজাত যুৱকজনক এৰি দিয়ে। মোবাইল তিনিওটা আৰক্ষীৰ হাতত জমা থকাৰ সময়তে পুনৰ ১৬ মাৰ্চত একেটা একাউণ্টৰপৰা বিটিআৰৰ কাৰ্যবাহী পৰিষদ সজল সিংহক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি প্ৰদান কৰিছিল। তাৰ পিছদিনা অৰ্থাৎ কালি আকৌ সাংসদ ৰকিবুল হুছেইনক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি প্ৰদান কৰে। ঘটনা সন্দৰ্ভত আনছাৰে এয়া দুষ্ট-চক্ৰৰ কৰ্ম বুলি দাবী কৰে। আৰক্ষীৰ নিৰ্দেশত আনছাৰ আজি পুৱা হালাকুৰা তালাচী চকীত উপস্থিত হয়। পিছত হালাকুৰা আৰক্ষীয়ে তেওঁক গোলকগঞ্জ থানালৈ প্ৰেৰণ কৰে। গোলকগঞ্জ আৰক্ষীয়ে বাতৰি লিখা পৰলৈকে গ্ৰেপ্তাৰ কৰা নাই যদিও আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।