সাজু হওক! শীঘ্ৰে আপুনিও ভ্ৰমণ কৰিব পাৰিব বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশখন…

ডিজিটেল ডেস্কঃ ব্যস্ত জীৱনৰ পৰা অলপমান সকাহ বিচাৰি কোনো এখন নতুন ঠাইলৈ ভ্ৰমণ কৰিব বিচাৰিছে নেকি? তেন্তে হয়তো শীঘ্ৰেই আপোনাৰ বাবে সম্ভৱ হ’ব বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশখন ভ্ৰমণ কৰাৰ।

বাতৰি অনুসৰি, এই বছৰৰ শেষৰ ফালে অৰ্থাৎ ডিচেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে সীমান্ত মুকলি কৰিবলৈ সাজু হৈছে বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশ হিচাপে পৰিচিত উত্তৰ কোৰিয়াই।

ট্যুৰ কোম্পানীসমূহৰ মতে, বিগত প্ৰায় ৫ বছৰৰ পিছত উত্তৰ কোৰিয়াৰ উত্তৰ-পূবৰ ছামজিয়ান চহৰৰ সীমান্তৰ লগতে দেশখনৰ আন আন অংশলৈ ভ্ৰমণৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে দুৱাৰ মুকলি কৰি দিছে কিম জং উনৰ চৰকাৰে।

প্ৰণিধানযোগ্য যে, ক’ভিড নিষেধাজ্ঞাৰ বাবে ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক দেশত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছিল উত্তৰ কোৰিয়াই।

ইয়াৰ পিছত বিগত প্ৰায় ৫ বছৰত ৰাছিয়াৰ এটা সৰু পৰ্যটকৰ দল আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেহে উত্তৰ কোৰিয়া ভ্ৰমণৰ অনুমতি লাভ কৰিছিল।

বেইজিংস্থিত কোম্পানী ক’ৰিঅ’ ট্যুৰেছে কয় যে উত্তৰ কোৰিয়াৰ পৰ্যটন আকৌ এবাৰ মুকলি কৰাৰ বাবে তেওঁলোক অতিশয় উৎসাহিত হৈ পৰিছে।

ট্ৰেভেল ফাৰ্মখনে কয় যে অনাগত সপ্তাহত ভ্ৰমণসূচী নিশ্চিত কৰা হ’ব আৰু ডিচেম্বৰ মাহত ছামজিয়নলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন পুনৰ আৰম্ভ হ’ব।

চীনৰ সীমান্তৱৰ্তী চহৰ ছামজিয়নত উত্তৰ কোৰিয়াই “সমাজবাদী ইউটোপিয়া” বুলি কোৱা ঠাইখন গঢ়ি তুলিছে।

“উচ্চ সভ্য পাহাৰীয়া চহৰ” সৃষ্টিৰ প্ৰকল্পৰ অংশ হিচাপে নতুন এপাৰ্টমেণ্ট, স্কি ৰিজৰ্ট আৰু বাণিজ্যিক, সাংস্কৃতিক আৰু চিকিৎসাৰ সুবিধা নিৰ্মাণ কৰা হৈছে।

  • Related Posts

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

    তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…