
গুৱাহাটীঃ অসমৰ ভক্তপ্ৰাণক অযোধ্যাৰ ৰাম লাল্লা দৰ্শন কৰাব অসম চৰকাৰে। এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সামাজিক মাধ্যমযোগে সদৰী কৰা মতে, ভাৰতীয় ৰেলৱে কেটাৰিং আৰু পৰ্যটন নিগম আৰু অসম চৰকাৰৰ দ্বৈত সমন্বয়ত অসমৰ তীৰ্থযাত্ৰীসকলক তিনিদিনীয়াকৈ অযোধ্যা ভ্ৰমণ কৰোৱা হ’ব।
এই তীৰ্থযাত্ৰাৰ সময়ত তীৰ্থযাত্ৰীসকলে হনুমান গঢ়, ৰামলাল্লা আৰু সন্ধ্যা আৰতিৰ বাবে অযোধ্যাৰ সূৰ্য ঘাট দৰ্শন কৰিব পাৰিব। সম্পূৰ্ণ বিনামূলীয়া এই তীৰ্থযাত্ৰাৰ সময়ত নিৰামিষ আহাৰ, ব্ৰেকফাষ্ট, স্নান আৰু প্ৰাতঃকৰ্মৰ বাবে হোটেলৰ ব্যৱস্থা কৰা হ’ব চৰকাৰ আৰু আই আৰ চি টি চিৰ তৰফৰ পৰা।
মুখ্যমন্ত্ৰী শৰ্মাই এই তিনিদিনীয়া ভ্ৰমণৰ এখন কাৰ্য তালিকা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কয় যে এসময়ত এই ৰে’ল তীৰ্থযাত্ৰাৰ ৮০০ গৰাকী লোকে ভ্ৰমণ কৰিব পাৰিব।
অৱশ্যে এই তীৰ্থভ্ৰমণৰ তাৰিখ সন্দৰ্ভত সদৰী কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।