
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখন ক্ষমতালৈ অহাৰ পৰাই সকলো আইন-কানুন উলঙ্ঘন কৰি নিৰ্মম উচ্ছেদ অভিযান চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে চিপিআইএমৰ অসমৰ ৰাজ্যিক সমিতিয়ে। এক বিবৃতি যোগে চিপিআইএমৰ অসমৰ ৰাজ্যিক সমিতি কয় যে উচ্ছেদ অভিযানসমূহৰ অন্যতম লক্ষ্যই হ’ল তীব্ৰ সাম্প্ৰদায়িক উত্তেজনা আৰু বিভাজন সৃষ্টি কৰা। শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কচুতলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনে উচ্ছেদ চলাইছে। সোণাপুৰ ব্লকৰ অধীনৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি বেদখলমুক্ত কৰাৰ নামত দেশৰ আইন, আদালতৰ নিৰ্দেশ জলাঞ্জলি দি গৰীৱ মানুহৰ সম্পত্তি ধ্বংস কৰি নিৰ্মমভাৱে উচ্ছেদ অভিযান চলোৱা হৈছে। উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে প্ৰত্যেক ব্যক্তিক উচ্ছেদৰ জাননী দিয়াৰ লগতে শুনানী গ্ৰহণৰ পিছতহে উচ্ছেদ কৰিব পাৰিব বুলি কোৱাৰ পাছতো আইনক বুঢ়া আঙুলি দেখুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনে উচ্ছেদ চলাইছে। তদুপৰি বহু লোকৰ মাটিৰ পট্টা থকাৰো তথ্য পোৱা গৈছে। সেয়ে সকলো দিশ পুংখানুপুংখ বিচাৰ কৰিহে চৰকাৰ আগবাঢ়িব লাগিছিল। জনজাতীয় বেষ্টনীৰ সুৰক্ষাৰ দিশটো বিবেচনা কৰি নিতান্তই উচ্ছেদ প্ৰয়োজন হ’লে সংশ্লিষ্ট পৰিয়ালসমূহক বিকল্প সংস্থাপন দিহে সিদ্ধান্ত ল’ব লাগিছিল। কিন্তু এই সকলোবোৰ উলংঘা কৰি চৰকাৰে গুণ্ডাবাহিনীৰ দৰে আচৰণ কৰিছে। উচ্ছেদ অভিযানত গুলীয়াই দুজনক হত্যা কৰাৰ লগতে বহুজনক গুৰুতৰভাৱে আহত কৰিছে।ফুলকুমলীয়া ১১ বছৰীয়া শিশু কন্যাৰ গুপ্তাংগত গুলীয়াই হিমন্ত বিশ্ব চৰকাৰ কিমান নৃশংস সেয়া পৃথিৱীৰ সন্মুখত উদঙাই দিলে। শাসনলৈ যোৱাৰে পৰা এইখন চৰকাৰৰ হাত অজস্ৰ দুখীয়া মানুহৰ তেজেৰে ৰাঙলী হৈ গৈছে। কচুতলীত প্ৰশাসনে ৩০ বিঘা মাটিত ট্ৰেক্টৰ চলাই ফচল সম্পূৰ্ণ ধ্বংস কৰি দিছে। তদুপৰি গোটেই অঞ্চলটোত বিভিন্ন ধৰণে সন্ত্ৰাস চলিছে আৰু শাসকীয় দলৰ পৃষ্ঠপোষকতাত বিভিন্ন দুৰ্বৃত্তই উচ্ছেদিত ৰাইজৰ পশুধন আৰু ফচল ধ্বংস কৰি হাৰাশাস্তি কৰাৰো খবৰ পোৱা গৈছে। চি পি আইএমৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য অজিত দাস আৰু নিৰংকুশ নাথে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ আহত লোকসকলক সাক্ষাৎ কৰে। উদ্বেগৰ কথা যে চৰকাৰে দল-সংগঠনৰ প্ৰতিনিধিক আহতসকলৰ সৈতে সাক্ষাৎ কৰি কথা -বতৰা পতাতো নানা ধৰণে বাধা দি প্ৰকৃত ঘটনাক ঢাকি ৰাখিব বিচাৰিছে। চিপিআইএমৰ ৰাজ্যিক কমিটিয়ে বিকল্প ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰাৰ দাবী জনাইছে। নিহতসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ লগতে আহতৰ বাবে বিনামূলীয়া চিকিৎসা আৰু ক্ষতিপূৰণ দাবী কৰিছে।