স্বাধীনতা দিৱসঃ দিল্লীৰ লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰি দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

ডিজিটেল ডেস্কঃ আজি দেশত উদযাপন কৰা হ’ল ৭৮ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষ্যে আজি দিল্লীৰ লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰি একেৰাহে একাদশ বাৰৰ বাবে দেশবাসীক সম্বোধন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

উদযাপনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে, যিটো অনুষ্ঠানৰ পিছতে এক দৰ্শনীয় আকাশী প্ৰদৰ্শন কৰা হয়। ভাৰতীয় বায়ুসেনাৰ দুখন এডভান্সড লাইট হেলিকপ্টাৰ ধ্ৰুৱ, লাইন এষ্টাৰ্ন ফৰ্মেচনত উৰুৱাই সভাস্থলীৰ ওপৰেৰে পুষ্পবৃষ্টি কৰে। উইং কমাণ্ডাৰ অম্বাৰ আগৰৱাল আৰু উইং কমাণ্ডাৰ ৰাহুল নৈনৱালে হেলিকপ্টাৰকেইখনৰ কেপ্তেইন হিচাপে এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

ত্ৰিৰংগা উত্তোলনৰ পিছত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সংগীতৰ সমান্তৰালভাৱে ‘ৰাষ্ট্ৰীয় চেলুট’ লাভ কৰে। এজন জুনিয়ৰ কমিছনড অফিচাৰ (জেচিঅ’) আৰু ২৫টা অদাৰ ৰেংকৰে গঠিত পঞ্জাব ৰেজিমেণ্ট মিলিটাৰী বেণ্ডে নিখুঁতভাৱে এই সংগীত পৰিৱেশণ কৰে। অনুষ্ঠানৰ সময়ত চুবেদাৰ মেজৰ ৰাজিন্দৰ সিঙে বেণ্ডটোক নেতৃত্ব দি সেই মুহূৰ্তৰ গৌৰৱ আৰু সন্মানক সামৰি লয।

লালকিল্লাত উপস্থিত হোৱাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প’ষ্টৰ জৰিয়তে দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷

উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক আদৰণি জনায় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেঠ, আৰু প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামনে। দিল্লী এলেকাৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল ভৱনীশ কুমাৰৰ সৈতে চিনাকি কৰাই দিয়ে প্ৰতিৰক্ষা সচিবগৰাকীয়ে।

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীক চেলুটিং বেছলৈ লৈ যোৱা হয়, য’ত সেনা, বায়ুসেনা আৰু দিল্লী আৰক্ষীৰ এজনকৈ বিষয়া আৰু ২৪ জনকৈ কৰ্মীৰে গঠিত এক সংযুক্ত গাৰ্ড অৱ অনাৰে সাধাৰণ চেলুট প্ৰদান কৰে। ইয়াৰ পিছতে পি এম মোদীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰি দিৱসৰ অনুষ্ঠানৰ আনুষ্ঠানিক আৰম্ভণি কৰে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে