স্বাধীনতা দিৱসৰ পূৰ্বে পুনৰ ৰক্তাক্ত জম্মু-কাশ্মীৰ! সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত শ্বহীদ সেনা বিষয়া, নিহত ৫ সন্ত্ৰাসবাদীও

ডিজিটেল জেস্কঃ স্বাধীনতা দিৱসৰ পূৰ্বে বুধবাৰে জম্মু-কাশ্মীৰৰ ডোডা জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন অধিনায়ক শ্বহীদ হোৱাৰ বিপৰীতে চাৰিজন সন্ত্ৰাসবাদী নিহত হয়। পিটিআইৰ তথ্য অনুসৰি এই এনকাউণ্টাৰত চাৰিজন সন্ত্ৰাসবাদী নিহত হোৱাৰ সম্ভাৱনা আছে বুলি বিষয়াসকলে জনাইছে। ডোডাত শ্বহীদ হোৱা কেপ্তেইনজন ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ। প্ৰচণ্ড গুলীচালনাৰ মাজতে সন্ত্ৰাসবাদীৰ সন্ধান অব্যাহত আছে বুলি প্ৰকাশ কৰিছে হোৱাইট নাইট কৰ্পছে।

সূত্ৰ অনুসৰি, ডোডা জিলাৰ জম্মু আৰু আছাৰৰ উধামপুৰ জিলাৰ পাটনিটোপৰ সীমান্তৱৰ্তী বনাঞ্চলত একাংশ সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য নিৰাপত্তা বাহিনীয়ে লাভ কৰিছিল, তাৰ পিছতে বাহন তালাচী চলোৱা হৈছিল। মঙলবাৰে সন্ধিয়া ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ এটা আশ্ৰয় গৃহত অভিযান চলায়। সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীয়ে তাত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ ৰাখিছিল।

একে সময়তে নিৰাপত্তা বাহিনীক দেখি স্তম্ভিত হৈ গুলীচালনা আৰম্ভ কৰে সন্ত্ৰাসবাদীয়ে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিৰাপত্তা বাহিনীয়েও প্ৰতিশোধমূলক গুলীচালনা আৰম্ভ কৰে। নিজকে নিৰাপত্তাৰক্ষীয়ে ঘেৰি ধৰা দেখি সন্ত্ৰাসবাদীয়ে লগে লগে সেই স্থান খালী কৰিব লগা হয়। সন্ত্ৰাসবাদীয়ে আতংকিত হৈ পলায়ন কৰে আৰু তেওঁলোকৰ এটা এম ৪ কাৰ্বাইন আৰু কিছু গোলাবাৰুদ এৰি থৈ যায়। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা গোলাবাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে সেনা জোৱানে।

দৰাচলতে যোৱা কেইসপ্তাহমানৰ ভিতৰত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী ঘটনা বৃদ্ধি পাইছে। এতিয়ালৈকে সন্ত্ৰাসবাদী আক্ৰমণ বেছিভাগেই উপত্যকাত দেখা গৈছিল যদিও এতিয়া জম্মুতো সন্ত্ৰাসবাদী সক্ৰিয় হৈ পৰিছে। সেনাৰ কনভয়ত এম্বুছিং আৰু আক্ৰমণৰ বহু ঘটনা পোহৰলৈ আহিছে।

ইফালে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ ওপৰত চলাই থকা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বুধবাৰে (১৪ আগষ্ট) প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এখন বৈঠক অনুষ্ঠিত কৰে। ইয়াত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল আৰু সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়েও অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও ডিজিএমঅ’ আৰু নিৰাপত্তা সংস্থাসমূহৰ শীৰ্ষ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। কোৱা হৈছে যে বৈঠকত সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰাৰ পৰিকল্পনা প্ৰস্তুত য়কৰাৰ বিষয়ে আলোচনা কৰা হয।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে