
গুৱাহাটীঃ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে আগন্তুক ১৫ আগষ্টৰ স্বাধীনতা উদযাপন বয়কট কৰিবলৈ সকলো অসমবাসীক আহ্বান জনাই এক সতৰ্কবাণী জাৰি কৰাৰ পিছতে সমগ্ৰ ৰাজ্যতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।
আলফা স্বাধীনে ইমেইলৰ জৰিয়তে প্ৰেৰণ কৰা এই ভাবুকিটোত ১৫ আগষ্টৰ মাজনিশাৰ পৰা আৰম্ভ কৰি সেইদিনা সন্ধিয়া ৬ বজালৈকে ৰাজ্যজুৰি বন্ধৰ আহ্বান জনায়। বন্ধৰ ফলত বেছিভাগ কাৰ্যকলাপত প্ৰভাৱ পৰিব যদিও গোটটোৱে স্পষ্ট কৰি দিছে যে জৰুৰীকালীন সেৱা, সংবাদ মাধ্যমৰ কাৰ্য্যকলাপ, আৰু ধৰ্মীয় অনুষ্ঠানসমূহ ধৰ্মঘটৰ নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হ’ব।
নিষিদ্ধ সংগঠনোটৰ এই ভাবুকি আৰু আহ্বানৰ পিছতে ১৫ আগষ্টৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অসমত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাত তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ব্যাপক নিৰাপত্তা প্ৰট’কল ৰূপায়ণ কৰা হৈছে।