স্বাধীন ৰাতিপুৱাৰ প্ৰথম চাহকাপ… ১৭ মাহৰ পিছত! কাৰাগাৰৰ পৰা ওলাই পত্নীৰ সৈতে চাহত চুমুক মনীষ ছিছ’দিয়াৰ

নিউজ ডেস্কঃ সুদীৰ্ঘ ১৭ মাহৰ অন্তত পত্নীৰ সৈতে একেলগে বুলি পুৱাৰ চাহকাপত চুমুক দিবলৈ সক্ষম হ’ল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ ছিছ’দিয়াই।

দিল্লীৰ সুৰা নীতি কেলেংকাৰীত বিগত প্ৰায় ১৭ মাহ ধৰি তিহাৰ জে’লত কাৰাবন্দী হৈ থকাৰ পিছত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জামিনত মুকলি কৰি দিছিল ছিছ’দিয়াক। ইয়াৰ পিছতে শনিবাৰৰ পুৱাৰ চাহকাপ পত্নীৰ সৈতে একেলগে পান কৰি এক্স (টুইটাৰ)ত এখন ফটো পোষ্ট কৰে তেওঁ। য’ত ছিছ’দিয়াই লিখিছে- ‘স্বাধীন ৰাতিপুৱা প্ৰথম চাহকাপ…. ১৭ মাহৰ পিছত!’

দিল্লী সুৰা নীতিৰ গোচৰত জামিনত তিহাৰ জেলৰ পৰা মুক্তি পোৱাৰ পিছত মনীষ চিছ’দিয়াই সংবিধানৰ ক্ষেত্ৰত আৰু প্ৰকৃতিৰ ক্ষেত্ৰত স্বাধীনতাৰ অৰ্থক সামৰি লৈছে। পোষ্টত তেওঁ আগলৈ লিখিছে, ”সংবিধানে আমাৰ সকলো ভাৰতীয়কে জীয়াই থকাৰ অধিকাৰৰ নিশ্চয়তা হিচাপে যি স্বাধীনতা দিছে। ভগৱানে আমাক সকলোৰে সৈতে মুকলি বতাহত উশাহ ল’বলৈ যি স্বাধীনতা প্ৰদান কৰিছে।’’

উল্লেখ্য যে, শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ছিছ’দিয়াক জামিন প্ৰদান কৰি কয় যে তেওঁৰ বিচাৰ অবিহনে দীৰ্ঘদিনীয়া কাৰাগাৰত থকাৰ বাবে তেওঁক ক্ষিপ্ৰ ন্যায়ৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। উল্লেখযোগ্য যে একেটা গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এতিয়াও তিহাৰ জেলত আবদ্ধ হৈ আছে।

মুক্তিৰ কিছু সময়ৰ পিছতে ছিছ’দিয়াই অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পৰিয়ালৰ লোকক লগ কৰে। ছিছ’দিয়াই কেজৰিৱালৰ পিতৃ-মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লোৱা দেখা যায়।

তাৰ পিছতে তেওঁ কয়, “এই নিৰ্দেশৰ পিছত বাবা চাহেব আম্বেদকাৰৰ ওচৰত মই ঋণী অনুভৱ কৰিছো। সংবিধানৰ জৰিয়তে আমি এই আইনী যুদ্ধৰ যুক্তিসংগত অন্ত পেলাইছো। মোৰ লগত থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো।”

২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত এতিয়া বাতিল হোৱা দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত অনিয়মৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)য়ে দিল্লী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে