স্মাৰ্ট মিটাৰ আৰু শিৱসাগৰ কাণ্ডত লৈ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতে উত্তাল সদন! বিৰোধীৰ ৱাক আউট

গুৱাহাটীঃ স্মাৰ্ট মিটাৰৰ লুণ্ঠন আৰু শিৱসাগৰত অনা-অসমীয়াৰ অশালীন ব্যৱহাৰক লৈ বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই বৃহস্পতিবাৰে উত্তাল হৈ পৰে সদনৰ মজিয়া।

বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পিছতে বিৰোধীয়ে আজি শিৱসাগৰত সংঘটিত ঘটনাক লৈ সদনত পৃথক আলোচনাৰ আহ্বান জনায়। আনহাতে স্মাৰ্ট মিটাৰ প্ৰসংগত সভা স্থগিত ৰখাৰো প্ৰস্তাৱ দিয়ে বিৰোধীয়ে। কিন্তু বিধানসভাৰ অধ্যক্ষই বিৰোধীৰ এই দুয়োটা প্ৰস্তাৱেই অগ্ৰাহ্য কৰাত প্ৰতিবাদ কৰি সদন ত্যাগ কৰে বিৰোধী দলৰ কেইবাগৰাকীও বিধায়কে।

বিধানসভাত স্মাৰ্ট মিটাৰৰ প্ৰসংগ উত্থাপন কৰি সভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ আঁত ধৰি গগৈয়ে কয় যে ৰাজ্যত ব্যাপকভাৱে আইন-শৃংখলাৰ অৱনতি ঘটিছে। মুখ্যমন্ত্ৰীয়ে নিজমুখে কৈছে যে, ৰাজ্যত ২২গৰাকীৰো অধিক মহিলা-যুৱতী ধৰ্ষিতা হৈছে। গতিকে এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে।

ইফালে পুৱাৰভাগতে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভাৰ চৌহদত উপস্থিত হয় অখিল গগৈ। লগতে সংবাদমাধ্যমৰ আগত স্মাৰ্ট মিটাৰৰ বাবে কিমান নিৰিখ বৃদ্ধি পাইছে তাৰ সন্দৰ্ভতো বিস্তৃত বিৱৰণ দাঙি ধৰে।

আনফালে বিধানসভাৰ মজিয়াত স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ বিৰোধীয়ে উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ সময়তে মন্ত্ৰী পীয়ুষ হাজৰিকাই মন্ত্ৰী-বিধায়কসকলৰ ঘৰতো স্মাৰ্ট মিটাৰ লগোৱা হব বুলি মন্তব্য প্ৰকাশ কৰে। মাটি কিনা-বেচাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতাৰে বিধায়ক আমিনুল ইছলামেও আনিছিল সভা স্থগিতৰ প্ৰস্তাৱ। কিন্তু বিৰোধীৰ এই আটাইকেইটা প্ৰস্তাৱ অগ্ৰাহ্য কৰে অধ্যক্ষই।

ইফালে প্ৰতিবাদ স্বৰূপে সদন ত্যাগ কৰাৰ পিছতে সদনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী বিধায়কে। এই প্ৰতিবাদত অংশ লয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ধুবুৰীৰ বিধায়ক ৰকিবুল হুচেইনে।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে