সৰ্বকালৰ অভিলেখ ভংগ, গুৱাহাটীত ৩০ কোটি টকাৰ সুৰা বিক্ৰী

অসমৰ অৰ্থনীতি মজবুত কৰিবলৈ সুৰাপায়ীসকলে বৃহৎ যোগদান দিলে৷ দুৰ্গা পূজাৰ চাৰিটা দিনত গুৱাহাটীত প্ৰায় ৩০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে৷ ২০২২ চনত ১৬ কোটি ৮০ লাখ, ২০২২ চনত ২২ কোটি ৫০ লাখ টকাৰ সুৰা বিক্ৰী হৈছিল৷ এইবাৰ কেৱল ষষ্ঠীৰ দিনটোতে প্ৰায় ৮ কোটি টকাৰ সুৰা বিক্ৰীৰ কথা জানিব পৰা গৈছে৷ বাকী সপ্তমী, অষ্টমী, নৱমীত প্ৰায় ২২ কোটি টকাৰ সুৰা বিক্ৰী হৈছে৷ ২০২২ চনৰ এক তথ্য মতে, অসমত প্ৰায় ১,৭০০ অনুজ্ঞাপত্ৰযুক্ত সুৰাৰ দোকান৷ য’ত ভাৰতত নিৰ্মিত বিদেশী সুৰা বিক্ৰী কৰা হয়৷ প্ৰায় ১,০০০ খন বাৰ আছে। পাঁচশৰো অধিক দোকান আছে যিয়ে পৰম্পৰাগতভাৱে নিৰ্মিত মদ বিক্ৰী কৰে। সুৰাৰ বিক্ৰীৰ দ্বাৰা বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰে অসম চৰকাৰে৷ যাৰ বাবে চৰকাৰ গাঁৱে-ভূৱে সুৰাৰ বিপণি খোলাৰ অনুমতি প্ৰদান কৰি গৈছে। চৰকাৰী তথ্য মতে চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচটা মাহতে অসমত আবকাৰী ৰাজহ সংগ্ৰহ কৰিছে ১,৭১৮.৭৫ কোটি টকা। দৈনিক গড়ে ১০.৮৬ কোটি টকাৰ আবকাৰী ৰাজহ সংগ্রহ কৰে অসম চৰকাৰে। অসমৰ অৰ্থনীতিত সুৰাপায়ীসকলৰ বিশেষ ভূমিকা আছে। আনহাতে এই ভূমিকাৰ বাবেই চৰকাৰে নতুন নতুন সুৰাৰ বিপণি খোলাৰ অনুমতি দি গৈছে৷ নৱবৰ্ষ, দুৰ্গা পূজা, কালীপূজা, বিশ্বকৰ্মা, ফাকুৱা, বিহুৰ দৰে উৎসৱ-পাৰ্বনত সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাইছে।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক