সৰ্বানন্দ সোণোৱাল চৰকাৰে শেষবাৰৰ বাবে প্ৰদান কৰিছিল শ্ৰীমন্ত শংকৰদেৱ বঁটা

শ্ৰীমন্ত শংকৰদেৱ হৈছে অসমীয়া জাতি- জাতিৰ সাহিত্য-সংস্কৃতি গঢ়োতা৷ সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱে সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত কৰিছিল। সেয়েহে
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু৷ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তাধাৰা অবিহনে অসমীয়া জাতি শূন্য৷ ১৯৮৬ চনৰ পৰাই সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াই অহা হৈছে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজিক বিশ্বত দাঙি ধৰিবলৈ এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল। বঁটাত নগদ ধন, প্ৰশংসা পত্ৰ, সোণৰ পদক, শৰাই আৰু অংগবস্ত্ৰ প্ৰদান কৰা হৈছিল৷ কিন্তু মুখ্যমন্ত্ৰী বিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বঁটাৰ নামত ভেকোঁভাওনা কৰি গৈছে৷ ২০২১ চনত ৪ জানুৱাৰীত সৰ্বানন্দ সোণোৱাল চৰকাৰে শেষৰটো শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছিল৷ তাৰ পাছৰে পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই বঁটা প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই৷ জীৱনজোৰা অধ্যৱসায়, পাণ্ডিত্য, প্ৰজ্ঞাৰে চহকী একোজনকৈ লোকক ১৯৮৬ চনৰ পৰা ৰাজ্য চৰকাৰে প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা৷ অসম গণ পৰিষদৰ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰে এই বঁটা প্ৰদান কৰি যোৱাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু অসমীয়া জাতি গঠন কৰা শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰদান কৰা বঁটা বন্ধ কৰি ৰাখিছে এইখন চৰকাৰে৷ শ্ৰীমন্ত শংকৰদেৱ বঁটা নিজ স্বকীয়তা আছে৷ এই পৰ্যন্ত ২৭গৰাকী মনীষীক এই বঁটা প্ৰদান কৰা হৈছে৷ তালিকাত ভূপেন হাজৰিকা, সত্যজিত ৰায়, মহেশ্বৰ নেওগ, চৈয়দ আব্দুল মালিক, হোমেন বৰগোহাঞিৰ দৰে পুৰোধা ব্যক্তিৰ নাম আছে৷

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!