অভিযানৰ সময়ত আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগত এজন আবকাৰী কনিষ্টবলক গ্ৰেপ্তাৰৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বৰাকৰ হাইলাকান্দি জিলাত৷ হাইলাকান্দি জিলাৰ আবকাৰী কনিষ্টবল অজয় নুনিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ দীপাৱলীৰ নিশা হাইলাকান্দিৰ কয়া চাহ বাগিচা এলেকাত একাংশ উগ্ৰ লোকে আৰক্ষী জোৱানক আক্ৰমণ কৰিছিল। আৰক্ষীয়ে জুৱাৰ ঘাটিত অভিযান চলোৱাৰ সময়তে এদল লোকে আৰক্ষীক আক্ৰমণ লক্ষ্য কৰি লৈছিল। ৭ আৰক্ষী গুৰুতৰভাৱে আহত হৈছিল৷ এই ঘটনাৰ তদন্তৰ অন্তত ওলাই পৰিছে ভয়ংকৰ তথ্য৷ এই আক্ৰমণৰ নেতৃত্ব দিছিল অজয় নুনিয়াই৷ যাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে অজয় নুনিয়াক। ঘটনাৰ সৈতে জড়িত দুধনাথ কলৱাৰ আৰু মতিলাল দুসাদ নামৰ আন দুজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে।