
উজনি অসমৰ নুমলীগড়ত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড৷ নুমলীগড়ৰ মৰঙিৰ পুৰাবাংলাত বনৰক্ষীয়ে হাতী খেদিবলৈ গুলীচালনাৰ সময়তে স্থানীয় লোকৰ গাত লগাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ গুলীবিদ্ধ লোকজন লক্ষ্মণ গোৱালা বুলি জানিব পৰা গৈছে৷ লক্ষ্ণণক গোলঘাট শ্বহীদ কুশল কোঁৱৰ হাস্পতালত ভৰ্তি কৰা হৈছে৷ দৈগ্ৰোং চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা৷ জানিব পৰা মতে, মৰঙি পোৰাবাংলাত মৰঙি ৰাজহ চক্ৰ কাৰ্যালয় সন্মুখতৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বনৰীয়া হাতীৰ জাক পাৰ হোৱাৰ সময়তে পিছে পিছে গাঁওবাসীয়ে খেদি আহিছিল৷ তেনে সময়তে অন্য দিশৰ পৰা বন বিভাগৰ লোকে খেদি আনি থকাৰ সময়তে গুলী ফুটাই৷ হাতী খেদিবলৈ চেষ্টা কৰাৰ গুলী গৈ লক্ষ্মণ গোৱালাৰ চকুত আঘাত কৰে৷