জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ নিৰ্বাচনৰ পিছতে বিৰোধী ইণ্ডিয়া জোঁটৰ ইটো দলে সিটো দলক লৈ শ্লেষভৰা মন্তব্য কৰা দেখা গৈছে৷ এইবাৰ এক বিবৃতি জাৰি কৰি বিশেষ মন্তব্য প্ৰদান কৰিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী চমুকৈ চিপিআইএমে মন্তব্য প্ৰদান কৰিছে৷ হাৰিয়ানা নিৰ্বাচনৰ ফলাফল বিৰোধীৰ বাবে এক শিক্ষা বুলি অভিহিত কৰিছে চিপিআইএমে৷ আজি বামপন্থী দলটোৰ পলিট ব্যুৰৱে প্ৰকাশ কৰি বিবৃতি যোগে কয় যে জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা ৰাজ্যৰ নিৰ্বাচনৰ বিপৰীত ধৰণৰ ফলাফল হৈছে৷ জম্মু আৰু কাশ্মীৰত বিপুল জয় আৰু হাৰিয়ানাত আশা নকৰা ধৰণৰ বিপৰ্যয়ে ধৰ্মনিৰপেক্ষ শক্তিবোৰক আগন্তুক দিনত বিজেপিৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ ক্ষেত্ৰত মূল্যৱান শিক্ষা দিছে৷ হাৰিয়ানাত কংগ্ৰেছৰ সৈতে হোৱা তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন দখল কৰিবলৈ সক্ষম হৈছে৷ কিন্তু কংগ্ৰেছৰ সৈতে ভোটৰ শতাংশৰ পাৰ্থক্য একেবাৰে কম৷ মাত্ৰ ০.৬ শতাংশ৷ বিজেপিৰ এই সফলতাৰ পিছফালে আছে সূক্ষ্মাতিসূক্ষ্ম বৰ্ণভিত্তিক সমাবেশ আৰু ছলনাপূৰ্ণ সাম্প্ৰদায়িক প্ৰচাৰ৷ এই জনাদেশৰ পিছফালে আৰু অন্য কি কাৰকে ক্ৰিয়া কৰিছে সেই সম্পৰ্কে কংগ্ৰেছে আত্মসমীক্ষা কৰা উচিত৷ জম্মু আৰু কাশ্মীৰত নেচনেল কনফাৰেন্স আৰু ইয়াৰ সহযোগী দলবোৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ ছবছৰীয়া স্বৈৰতান্ত্ৰিক শাসনৰ অন্তত প্ৰথমখন নিৰ্বাচিত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে৷ জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বিলোপ, ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা বুলি কৈ দলটোৱে কয় যে ৰাজ্যখনক দুখন কেন্দ্ৰীয়শাসিত অঞ্চললৈ বিভাজন আৰু সমষ্টিসমূহৰ অভিসন্ধিমূলক পুনৰ-গঠনৰ মাজেৰে জনসাধাৰণৰ গণতান্ত্ৰিক আশা-আকাংক্ষাক নস্যাৎ কৰিবলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছিল৷ জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ ব্যৰ্থহীন ৰায়দানে তাৰ উপযুক্ত প্ৰত্যুত্তৰ দিলে বুলিও কয় দলটোৱে৷ জম্মু আৰু কাশ্মীৰৰ কুলগাম সমষ্টিত মহম্মদ ইউছুফ তাৰিগামিক একেৰাহে পঞ্চমবাৰ জয়ী কৰোৱাৰ বাবে সমষ্টিটোৰ ৰাইজক চি পি আইএমে অভিনন্দন জনাইছে৷
চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম
ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…