হাৰিয়ানাৰ ফলাফলে ধৰ্মনিৰপেক্ষ শক্তিবোৰক মূল্যৱান শিক্ষা দিছেঃ চিপিআইএম

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ নিৰ্বাচনৰ পিছতে বিৰোধী ইণ্ডিয়া জোঁটৰ ইটো দলে সিটো দলক লৈ শ্লেষভৰা মন্তব্য কৰা দেখা গৈছে৷ এইবাৰ এক বিবৃতি জাৰি কৰি বিশেষ মন্তব্য প্ৰদান কৰিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী চমুকৈ চিপিআইএমে৷ হাৰিয়ানা নিৰ্বাচনৰ ফলাফল বিৰোধীৰ বাবে এক শিক্ষা বুলি অভিহিত কৰিছে চিপিআইএমে৷ আজি বামপন্থী দলটোৰ পলিট ব্যুৰৱে প্ৰকাশ কৰি বিবৃতি যোগে কয় যে জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা ৰাজ্যৰ নিৰ্বাচনৰ বিপৰীত ধৰণৰ ফলাফল হৈছে৷ জম্মু আৰু কাশ্মীৰত বিপুল জয় আৰু হাৰিয়ানাত আশা নকৰা ধৰণৰ বিপৰ্যয়ে ধৰ্মনিৰপেক্ষ শক্তিবোৰক আগন্তুক দিনত বিজেপিৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ ক্ষেত্ৰত মূল্যৱান শিক্ষা দিছে৷ হাৰিয়ানাত কংগ্ৰেছৰ সৈতে হোৱা তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন দখল কৰিবলৈ সক্ষম হৈছে৷ কিন্তু কংগ্ৰেছৰ সৈতে ভোটৰ শতাংশৰ পাৰ্থক্য একেবাৰে কম৷ মাত্ৰ ০.৬ শতাংশ৷ বিজেপিৰ এই সফলতাৰ পিছফালে আছে সূক্ষ্মাতিসূক্ষ্ম বৰ্ণভিত্তিক সমাবেশ আৰু ছলনাপূৰ্ণ সাম্প্ৰদায়িক প্ৰচাৰ৷ এই জনাদেশৰ পিছফালে আৰু অন্য কি কাৰকে ক্ৰিয়া কৰিছে সেই সম্পৰ্কে কংগ্ৰেছে আত্মসমীক্ষা কৰা উচিত৷ জম্মু আৰু কাশ্মীৰত নেচনেল কনফাৰেন্স আৰু ইয়াৰ সহযোগী দলবোৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ ছবছৰীয়া স্বৈৰতান্ত্ৰিক শাসনৰ অন্তত প্ৰথমখন নিৰ্বাচিত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে৷ জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বিলোপ, ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা বুলি কৈ দলটোৱে কয় যে ৰাজ্যখনক দুখন কেন্দ্ৰীয়শাসিত অঞ্চললৈ বিভাজন আৰু সমষ্টিসমূহৰ অভিসন্ধিমূলক পুনৰ-গঠনৰ মাজেৰে জনসাধাৰণৰ গণতান্ত্ৰিক আশা-আকাংক্ষাক নস্যাৎ কৰিবলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছিল৷ জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ ব্যৰ্থহীন ৰায়দানে তাৰ উপযুক্ত প্ৰত্যুত্তৰ দিলে বুলিও কয় দলটোৱে৷ জম্মু আৰু কাশ্মীৰৰ কুলগাম সমষ্টিত মহম্মদ ইউছুফ তাৰিগামিক একেৰাহে পঞ্চমবাৰ জয়ী কৰোৱাৰ বাবে সমষ্টিটোৰ ৰাইজক চি পি আইএমে অভিনন্দন জনাইছে৷

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে