
গুৱাহাটী, ১১ মাৰ্চ: অসম চৰকাৰে ২৩ দিন ধৰি চচলত অনশন কৰি থকা ৬৪ গৰাকী পলিটেকনিক প্ৰৱক্তাক চাকৰিৰ পৰা অব্যাহতি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী হৈ থকা সময়ত ২০১৭ চনত নিযুক্তি পোৱা এই ফাউণ্ডাৰ ফেকাল্টীসকলে চাকৰি স্থায়ীকৰণৰ দাবীত বাজেট অধিৱেশনৰ দিনৰে পৰা শান্তিপূৰ্ণভাবে প্ৰতিবাদ কৰি আহিছিল। কিন্তু ১০ মাৰ্চৰ নিশা পলিটেকনিকৰ অধ্যক্ষসকলৰ জৰিয়তে তেওঁলোকক অব্যাহতিৰ আদেশ প্ৰেৰণ কৰা হয়।
প্ৰতিবাদৰ পটভূমি:
২০১৭ চনত পলিটেকনিক প্ৰতিষ্ঠানসমূহ স্থাপন হোৱাৰ পৰাই অস্থায়ী ভিত্তিত নিযুক্তি লাভ কৰা এই প্ৰৱক্তাসকলে দাবী কৰে যে চৰকাৰে তেওঁলোকক স্থায়ী কৰাৰ প্ৰতিশ্ৰুতি দি ভুল তথ্যৰ ভিত্তিত অনুমোদন লৈছিল। সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (AICTE) ৰ নিয়মমতে স্থায়ী কৰ্মচাৰীৰ প্ৰয়োজন, কিন্তু চৰকাৰে অস্থায়ী নিয়োগেৰে প্ৰতিষ্ঠান চলাইছিল বুলি অভিযোগ। ৮ বছৰ ধৰি অনিয়মীয়া দৰমহা আৰু অসুবিধাৰ মাজত কাম কৰি অহা প্ৰৱক্তাসকলে গত ২৩ দিন ধৰি চচলত অনশনৰ দ্বাৰা চৰকাৰক চাপ প্রয়োগ কৰিছিল।
প্ৰতিক্ৰিয়া:
অল আসাম পলিটেকনিক ফাউণ্ডাৰ ফেকাল্টী এছ’চিয়েচনৰ সভাপতি ৰাজীৱ কলিতাই কয়, “আমাক ঠিকাভিত্তিত নিযুক্তি দি AICTE-ক ভুল তথ্য দিয়া হৈছিল। আজি আমাৰ বয়সো পাৰ হৈ গ’ল, নতুনকৈ চাকৰিৰ বাবে পৰীক্ষা দিয়াৰ সুযোগ নাই। চৰকাৰে সমস্যা সমাধানৰ পৰিৱৰ্তে আমাক শাস্তি দিলে।” প্ৰতিবাদকাৰীসকলৰ মতে, তেওঁলোকৰ মাজত উচ্চ নম্বৰৰ পোৱা ছাত্ৰ আছে। এমএছচি ডিগ্ৰীধাৰীসহ যোগ্যতা সম্পন্ন ব্যক্তিও আছে।