হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে আলফাৰ ম্যানমাৰৰ শিবিৰত আক্ৰমণ সম্ভৱ নহয়ঃ গৌৰৱ গগৈ

ম্যানমানস্থিত আলফা স্বাধীনৰ শিবিৰত ড্ৰোন আৰু মিছাইল আক্ৰমণৰ ফলত তিনি আলফা নেতা শ্বহীদ হোৱাৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমত৷ আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণৰ কথা অসম চৰকাৰে অৱগত নহয় বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ মন্তব্যক আজি উভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৌৰৱ গগৈয়ে৷ আলফা স্বাধীনৰ শিবিৰত হোৱা ড্ৰোন আক্ৰমণৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ভাৰতীয় কৰ্তৃপক্ষৰ অনুমতি বা অজ্ঞাতে এয়া সম্ভৱ নহয় বুলি দাবী কৰিছে। গৌৰৱ গগৈয়ে কয় যে এই আক্ৰমণ সন্দর্ভত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ নীৰৱতা সন্দেহজনক। এনে ড্ৰোন আক্ৰমণ গৃহমন্ত্ৰী অমিত শ্বাহৰ অজ্ঞাতে হ’বই নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কয় যে তেওঁ পৰেশ বৰুৱাৰ সৈতে ঘনিষ্ঠ সম্বন্ধত আছে। সেয়া সত্য হ’লে, এনে নিৰ্ভুল আক্ৰমণ তেওঁৰ অজ্ঞাতে হ’ব পাৰে নে? গগৈয়ে লগতে কয় যে কিছুমানে ইয়াক ‘অপাৰেছন সিন্দুৰ’ বুলি ক’লে, কিন্তু আমাৰ বাবে এইটো অতীতৰ গোপ্তাহত্যাৰ পুনৰাবৃত্তি যেন লাগিছে – য’ত নিজৰেই অসমীয়াৰ ওপৰত লক্ষ্য কৰা হৈছিল। আলফা স্বাধীনৰ ওপৰত হোৱা সেনা আক্ৰমণত কেইবাজনো অসমীয়াৰ নিহত হোৱাৰ খবৰও প্ৰকাশ পাইছে। ইপিনে, বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াইও এই ঘটনাক লৈ গভীৰ চিন্তা প্ৰকাশ কৰে। তেওঁ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ পৰা স্পষ্ট আৰু চৰকাৰী ব্যাখ্যা বিচাৰে।

 

  • Related Posts

    অৰুণাচলত অসমৰ যুৱকক হত্যা, সীমান্ত পথ অৱৰোধৰ সময়ত উত্তপ্ত পৰিস্থিতি

    বিহালীৰ তিনিসুঁতি আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ বগীজুলীৰ অঞ্চলত শংকৰ পেগু (২৯) নামৰ এজন যুৱকক অৰুণাচল প্ৰদেশত নৃশংসভাৱে হত্যা কৰা ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, ১৩ জুলাই তাৰিখে অৰুণাচলৰ ৰয়িং-ডিবাং…

    কেওট সম্প্রদায়ক কৈৱৰ্তৰ মৰ্যাদা দিয়াৰ যো-জা ৰাজ্য চৰকাৰৰ, সৰৱ অনুসূচিত জাতিৰ সংগঠন

    আজি ৰাজ্যৰ অনুসূচিত জাতিৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা কেইবাটাও সংগঠনে গুৱাহাটী প্ৰেছ ক্লাৱত এখন গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত কৰাৰ অন্তত সংবাদমেল সম্বোধন কৰে৷ অসমত বসবাস কৰা কেইবালাখ অনুসূচিত জাতিৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে