
ৰাজ্যৰ ৰাজনীতিত গৌৰৱ গগৈ তেওঁৰ আৰু পত্নীৰ পাকিস্তান সম্পৰ্কক লৈ গৰম হৈ থকাৰ সময়তে পলমকৈ মুখ খুলিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ সভাপতি অখিল গগৈয়ে গৌৰৱ গগৈৰ পত্নী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একেলগে গ্ৰেপ্তাৰ কৰি চিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে৷ অখিল গগৈয়ে কয় যে সংবাদমাধ্যমে মুখ্যমন্ত্ৰীৰ অভিযোগৰ কথাহে শুনিছে৷ মই আকৌ দুটা অভিযোগ শুনিছো৷ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে আইএছআইৰ লগত সম্পৰ্ক থকাৰ অভিযোগ, আকৌ মুখ্যমন্ত্ৰীয়ে ডুবাইত ৰিয়েল ষ্টেটত বিনিয়োগ কৰাৰ অভিযোগৰ কথা শুনিছো৷ কংগ্ৰেছৰ সহ-তত্বাৱধায়ক মনোজ চৌহানে কৈছে যে মুখ্যমন্ত্ৰীয়ে ডুবাইত ৰিয়েল ষ্টেটত ধন বিনিয়োগ কৰিছে৷ ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছে৷ তাৰ বাবে গৌৰৱ গগৈৰ পত্নী আইএছআইৰ সম্পৰ্ক আৰু মুখ্যমন্ত্ৰীৰ ডুবাইত বিনিয়োগ কৰাৰ দুয়োটাৰে তদন্ত চিবিআইক দি দুয়োজনকে গ্ৰেপ্তাৰ কৰিব বুলি বুলি কয় অখিল গগৈয়ে৷ অখিল গগৈয়ে আৰু কয় যে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ আইএছআইৰ সৈতে সম্পৰ্ক আছে বুলি মুখ্যমন্ত্ৰীয়ে কৰা দাবীৰ তদন্ত হওক বাৰু কিন্তু একে সময়তে ড০ হিমন্ত বিশ্ব শৰ্মাই ডুবাই আৰু ছিঙ্গাপুৰত হোটেল তথা ৰিয়েল ইষ্টেট ব্যৱসায়ত পুঁজি বিনিয়োগ কৰা বুলি কংগ্ৰেছৰ সহ-তত্বাৱধায়কে উত্থাপন কৰা অভিযোগৰো তদন্ত হওক। দুয়োটা অভিযোগৰে চিবিআইৰ তদন্ত হওক। তেতিয়াহে ক’ৰ পানী ক’লৈ যায় ওলাই পৰিব৷ সংবাদমাধ্যমে কেৱল মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগটোহে জোৰ জোৰকৈ প্ৰচাৰ কৰি আছে৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উঠা অভিযোগ প্ৰচাৰ কৰা দেখা নাই দেখোন।