হিমন্ত বিশ্ব শৰ্মা ‘ফ্লাইঅভাৰৰ চিএম’, ৰাজ্যৰ ৮ খন থানা আজিও অচল, নামতহে চলি আছে ১২খন আৰক্ষী চকী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হৈছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰক্ষী আধুনিকীকৰণৰ বাবে দিয়া পুঁজিৰ সঠিক ব্যৱহাৰ হোৱা নাই। ২০১৮ চনৰ পৰা ২০২৪ চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে আৰক্ষী বিভাগ আধুনিকীকৰণৰ বাবে ১২৫.৯৯ কোটি টকাৰ অনুমোদন দিছিল যদিও ডাবোল ইঞ্জিনৰ চৰকাৰখনে এই শিতানত ১৮.৮৮ কোটি টকাহে মুকলি কৰি দিছে। যাৰবাবে ৰাজ্যখনৰ ৮ খন থানা আৰু ১২ খন আৰক্ষী চকী সম্পূৰ্ণৰূপে অচল হৈ পৰিছে। আজি এক সংবাদমেলত এই তথ্য দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৩ চনত বঙাইগাঁও জিলাত অনুষ্ঠিত আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত ৰাজ্যখনৰ সংবেদনশীল আৰু সংখ্যালঘু বসতি প্ৰধান আৰক্ষী চকীসমূহ থানালৈ উন্নীত কৰাৰ আৰু পৰ্যায়ক্ৰমে সকলো বজাৰ আৰক্ষী চকীক থানালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু বিগত দুবছৰত এই ঘোষণা বাস্তবায়িত নহ’ল। কেন্দ্ৰীয় চৰকাৰৰ এএছএমপিএফ আঁচনিখন সঠিক ৰূপায়ণ নোহোৱা বাবে আৰক্ষী আধুনিকীকৰণ সম্পূৰ্ণ নহ’ল। বৰাই মৈত্ৰী আঁচনিখন বিগত দুবছৰ ধৰি ৰূপায়ণ নোহোৱা বাবে বহু থানা এতিয়াও জৰাজীৰ্ণ হৈ আছে বুলি উল্লেখ কৰে। ২০১৮-১৯ৰ পৰা ২০২৪-২৫ৰ সময়ছোৱাৰ ভিতৰত ১১২খন থানাৰ নতুন গৃহ নিৰ্মাণ কৰা হ’ল যদিও ২০২৩-২৪ আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত এটকাও মুকলি কৰি দিয়া হোৱা নাই। যাৰ ফলস্বৰূপে ৰাজ্যখনৰ ৮ খন থানা আজিও অচল আৰু ১২খন আৰক্ষী চকী নামতহে চলি আছে। কাছাৰ জিলাৰ ৩খন থানা অচল হৈ থকাৰ লগতে কাছাৰ, কোকৰাঝাৰ আৰু চিৰাঙৰ দুখন থানা সম্পূৰ্ণ অচল হৈ পৰিছে। চিৰাং, ডিমাহাছাও, ডিব্ৰুগড়, কৰিমগঞ্জ, নগাঁও, তিনিচুকীয়া আদি জিলাত কেবাখনো আৰক্ষী চকী কাগজে-পত্ৰইহে আছে। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, দক্ষিণ শালমাৰা, গোৱালপাৰা, কৰিমগঞ্জ আদি জিলাত সাধাৰণ ৰাইজক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা ঘোষণা কৰিছে। আৰক্ষীৰ অধুনিকীকৰণত থকা দুৰ্বলতাৰ বাবে মুখ্যমন্ত্ৰীয়ে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱা বাবে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিবলগীয়া হৈছে বুলি বৰাই উল্লেখ কৰে। ইফালে, ২০২৪-২৫ চনৰ বাজেটত ১৪৩৬০৬ কোটিৰ মুঠ বাজেটৰ পৰা ৭৩২৩৮ কোটি টকা অব্যৱহৃত হৈ আছে। অসম কাৰাগাৰ আৰু আৰক্ষী থানাৰ ৫১ শতাংশ পুঁজি এইদৰে অব্যৱহৃত হৈ আছে বুলি বৰাই উল্লেখ কৰে। এই পুঁজিৰ সিংহভাগেই কেন্দ্ৰীয় চৰকাৰৰ অনুদান আৰু ঋণৰ অংশ। এই ধন বৰ্তমান ব্যৱহাৰ কৰিব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰক ঘূৰাই দিব লাগিব। বৰাই কয় যে, গৃহ বিভাগ পৰিচালনাত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰীয়ে গড়কাপ্তানি বিভাগৰ জৰিয়তে উৰণীয়া সেতু নিৰ্মাণত অভিলেখ ৰচনা কৰিছে আৰু হাজাৰ হাজাৰ কোটি টকা ফ্লাই অভাৰ নিৰ্মাণত ব্যৱহাৰ কৰিছে। এই বিষয়ে সবিশেষ তথ্য দাখিল কৰি বৰাই কয় যে কমিছনৰ বাবেই ফ্লাই অভাৰ নিৰ্মাণত গুৰুত্ব দিয়া মুখ্যমন্ত্ৰীজনক অসমৰ ৰাইজে সেইবাবে ফ্লাইঅভাৰৰ চিএম বুলি আখ্যা দিয়ে। আজিৰ সংবাদমেলত সংবাদ মাধ্যম বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসো উপস্থিত থাকে।

  • Related Posts

    শিলসাঁকোৰ উচ্ছেদিতৰ আৱেগিক প্ৰতিবাদঃ “আমি মানুহ নহয় নে? অসমীয়াই নহয় নে?”

    মহানগৰীৰ শিলসাঁকো উচ্ছেদিত পৰিয়ালসকলে আজি আকৌ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনত উচ্ছেদ হৈ তিনিবছৰ ধৰি আশ্ৰয়হীন জীৱন কটাই থকা এই পৰিয়ালসকলে পুনৰ সংস্থাপন আৰু উপযুক্ত…

    অসমীয়া ভাষাৰ বিৰুদ্ধে মন্তব্য — মইনুদ্দিনক গ্ৰেপ্তাৰৰ দাবী, ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

    অসমীয়া ভাষা আৰু জাতিসত্তাক লক্ষ্য কৰি প্ৰদান কৰা **ABMSU (অল বিটিচি মাইনৰিটি ছাত্ৰ ইউনিয়ন)**ৰ এগৰাকী নেতাৰ বিতৰ্কিত মন্তব্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মইনুদ্দিন আলী নামৰ উক্ত নেতাগৰাকীয়ে ধুবুৰীৰ চাপৰৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে