আজি অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জনতা ভৱনত অনুষ্ঠিত কেবিনেটত দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্স যোগে অংশ লয়৷ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পূৰ্বে গোধন সুৰক্ষা আইন কাৰ্যকৰী বিধেয়কক আইনত পৰিছে কৰিছে যদিও এইবাৰ গোধন ৰক্ষাৰ বাবে বিশেষ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এইবাৰ অসমৰ হোটেল, ৰেষ্টুৰেণ্টত গোমাংস নিষিদ্ধ, গো-মাংসৰ বিক্ৰী নিষিদ্ধ কৰাৰ কেবিনেট সিদ্ধান্ত লয়৷ ৰাজহুৱা স্থানত গো-মাংস সেৱন, বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাৰ সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে৷ হিমন্ত বিশ্ব শৰ্মা কেবিনে সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা ৰাজহুৱা স্থানত গোধন কটা, বিক্ৰী নিষেধ কৰা হৈছে৷ হোটেল-ৰেষ্টুৰেণ্টত গোমাংস বিক্ৰীত নিষেধাজ্ঞা থাকিব৷ সামাজিক পৰ্বতো গো-মাংস পৰিৱেশন নিষিদ্ধ কৰা হৈছে৷ ভিডিঅ’ কনফাৰেন্সযোগে কেবিনেটত অংশ লৈ দিল্লীত অনুষ্ঠিত কৰা সংবাদমেলত মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণ কেতিয়া হ’ব সেই কতা উল্লেখ কৰিছে। অহা ৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত নতুন মন্ত্ৰীয়ে শপত ল’ব৷ অসম মন্ত্ৰীসভাত স্থান প্ৰাপ্ত বিধায়কৰ নাম দুদিনৰ ভিতৰত ঘোষণা কৰিব বুলি কৈ মুখ্যমন্ত্ৰীয়ে কয় যে বৰাকৰ পৰা নিশ্চিতভাৱে মন্ত্ৰীসভাত স্থান দিয়া হ’ব। এজনে পায় নে দুজনে পায় সেয়া চোৱা যাব। ইতিমধ্যে বিজেপি নেতৃত্বক এই সন্দৰ্ভত সবিশেষ তথ্য দাখিল কৰা হৈছে। গুৱাহাটী-বিমানবন্দৰ সংযোগী পথ, ৬ লেনযুক্ত কৰাৰ ঘোষণা কৰে। গুৱাহাটী-বৰাপানী আৰু বৰাপানী-শিলচৰ এক্সপ্ৰেছৱে’ৰ প্ৰকল্পৰ কথা চিন্তা কৰা বুলি কয়৷ এই প্ৰকল্পত ২৫ হাজাৰ কোটি টকা খৰচ কৰি হ’ব। যাতে দিনটোৰ ভিতৰতে মানুহে বৰাকৰ পৰা অহা-যোৱা কৰিব পাৰে আৰু সময় ৰাহি হয়৷ মৰিগাঁও-দৰং জিলাক পথেৰে সংযোগ কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলঙৰ প্ৰকল্প হাতত লোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে চামগুৰি নিৰ্বাচনত গোমাংসেৰে ভোজ খুৱাই বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ অভিযোগ আনিছিল কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে৷ ৰকিবুল হুছেইনক প্ৰত্যুত্তৰ দি গোমাংস যদি ইমানেই বেয়া তেন্তে কংগ্ৰেছৰ পৰা এখন লিখিত বিচাৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে লিখিত দিলেই লগে লগে অসমত গোমাংস নিষিদ্ধ কৰিম৷ তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে আজি এই সিদ্ধান্ত গ্ৰহণ কৰে৷
দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…
সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…