গুৱাহাটীঃ ৰাজ্যত হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য। আবকাৰী শুল্ক হ্ৰাসৰ পৰিপ্ৰেক্ষিতত বিলাতী সুৰাৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আবকাৰী বিভাগে। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কেইবাটাও বিলাতী সুৰাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে নতুন মূল্য।
আবকাৰী বিভাগে জাৰি কৰা এক বিবৃতি অনুসৰি ১ ছেপ্টেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম হ্ৰাস কৰা হৈছে ২২ টকাকৈ। একেদৰে ৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দামত হ্ৰাস পাইছে ৩৪ টকাকৈ।
আনহাতে জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰামত ১১৭ টকা আৰু ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী, জিন আদিৰ দাম ১৪৪ টকা হ্ৰাস কৰা হৈছে। লাক্সাৰী ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ১৬৬ টকা হ্ৰাস পাইছে।
তদুপৰি লাক্সাৰী ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰ ৰামৰ দামতো হ্ৰাস কৰা হৈছে ১৬৬ টকা। ইফালে এলিগেণ্ট ব্ৰেণ্ডৰ ৫০০ৰ পৰা ৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ২১৪ টকা হ্ৰাস পাব ১ ছেপ্টেম্বৰৰ পৰা।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১ এপ্ৰিলত বৃদ্ধি হৈছিল সুৰাৰ দাম। ১৫০ টকাৰ পৰা ৩১২ টকালৈ বৃদ্ধি পাইছিল সুৰাৰ মূল্য। জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাইছিল ১৫২ টকাকৈ। ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাইছিল ১৩০ টকাকৈ। লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাইছিল ১৭৫ টকাকৈ। আনহাতে, এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাইছিল ২২৫ টকাকৈ। প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাইছিল ৩১২টকাকৈ। বিয়েৰৰ দামো ১৬ টকাকৈ বৃদ্ধি কৰা হৈছিল।