ডিজিটেল ডেস্ক: বিশ্বৰ আটাইতকৈ বৰ্ষীয়ান মহিলাগৰাকীৰ দেহাৱসান।
১১৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বিশ্বৰ আটাইতকৈ বয়সস্থ মহিলা হিচাপে স্বীকৃতিপ্ৰাপ্ত মাৰিয়া ব্ৰনয়ানছ ম’ৰিয়াৰ।
উল্লেখ্য যে, ২০২৩ চনত স্পেইনৰ নিবাসী মাৰিয়াক বিশ্বৰ আটাইতকৈ বৰ্ষীয়ান জীৱিত ব্যক্তি হিচাপে ঘোষণা কৰিছিল গিনীজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছে।
১৯ আগষ্টত শুই থকা সময়তে মাৰিয়াই শেষ নিশ্বাস ত্যাগ কৰা বুলি নিশ্চিত কৰিছে গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছে।
এসপ্তাহ পূৰ্বে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলযোগে মাৰিয়া ব্ৰনয়ানছ ম’ৰিয়াই লিখিছিল- “খুব দুৰ্বল অনুভৱ কৰিছো। এতিয়া সময় সমাগত। তোমালোকে নাকান্দিবা.. মই চকুলো বেয়া পাওঁ।”