

নলবাৰীঃ ১৫ আগষ্টৰ দিনটোত ৰাজ্যজুৰি আতংকৰ সৃষ্টি কৰা বোমাকাণ্ডক লৈ আটক কৰা হৈছে ৰাইজৰ দলৰ এগৰাকী নেতাক।
নলবাৰীত আটক কৰা হৈছে ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তীক।
ইফালে এই বোমা কাণ্ডক লৈ আটক কৰা হৈছে কমল শৰ্মা নামৰ আন এগৰাকী ৰাজহুৱা কৰ্মীকো।
নলবাৰী জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসৰ নিৰ্দেশমৰ্মে দুয়োজনকে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে।
উল্লেখ্য যে, ১৫ আগষ্টত ৰাজ্যৰ ২৫টা ভিন্ন স্থানত বোমা সংস্থাপন কৰাৰ দাবী কৰিছিল আলফা স্বাধীনে।
স্বাধীনতা দিৱসৰ দিনটোৰ পুৱা ৬-১২ বজাৰ ভিতৰত এই বোমাসমূহ বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল পৰেশপন্থী আলফাই।
কিন্তু কাৰিকৰী কাৰণত পৰিকল্পনা সফল নোহোৱাত পৰৱৰ্তী সময়ত এক বিবৃতিযোগে বোমা সংস্থাপনৰ স্থানসমূহ ৰাজহুৱা কৰিছিল আলফা স্বাধীনে।