১ মাৰ্চলৈ সৰ্বসাধাৰণৰ বাবে মুকলি এডভাণ্টেজ আছামৰ প্ৰদৰ্শনী

মহানগৰীৰ খানাপাৰত ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসম চৰকাৰে অনুষ্ঠিত কৰা এডাভাণ্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ সফল সামৰণি পৰিছে যদিও এডাভাণ্টেজ আছাম ২.০ৰ প্ৰদৰ্শনীখন ১ মাৰ্চলৈ চলি থাকিব৷ আজি এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে আজি এই কথা ঘোষণা কৰাৰ লগতে নিজেও প্ৰদৰ্শনী পৰিদৰ্শন কৰে৷ এডভাণ্টেজ আছামৰ প্ৰদৰ্শনীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে প্ৰদৰ্শনীৰ বিপণীসমূহ প্ৰত্যক্ষ কৰি বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতে কতা-বাৰ্তা পাতে৷ আগন্তুক ৩ দিনৰ বাবে প্ৰদৰ্শনী মুকলি হৈ থাকিব৷ আজি মুখ্যমন্ত্ৰীয়ে কয় যে এডভাণ্টেজ আছামৰ প্ৰদৰ্শনী সৰ্বসাধাৰণলৈ মুকলি কৰা হৈছে৷ বৃহৎ সন্মিলনখনত যিখন প্ৰদৰ্শনীয়ে সকলোকে মোহিত কৰিছিল সেইখন ১ মাৰ্চলৈ সকলোৰে বাবে মুকলি হৈছে৷ দৰ্শনাৰ্থীয়ে ৰাজ্য চৰকাৰৰ উদ্যোগৰ বিকাশ আৰু পৰিকল্পনা, দৃষ্টিভংগী প্ৰদৰ্শনীখনত অন্বেষণ কৰিব পাৰিব৷ ড০ শৰ্মাই লগতে কয় যে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা এই প্ৰদৰ্শনীখন চাবলৈ আহক৷ প্রদর্শনী অসমৰ সংস্কৃতি আৰু আগন্তুক পৰিকল্পনাৰ এক উত্তম প্ৰদৰ্শন। এই সুযোগতে যুৱ-বন্ধুসকলক প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি অসমত সূচনা হোৱা পৰিৱৰ্তনৰ এক অভিজ্ঞতা ল’বলৈ অনুৰোধ জনালো।

  • Related Posts

    মহবুবুল হকক এটা গোচৰত জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    মেঘালয়ৰ ৰি-ভই জিলাৰ ব্যক্তিগত খণ্ডৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় (চমুকৈ ইউএছটিএম)ৰ স্বত্বাধিকাৰী তথা উপাচাৰ্য মহবুবুল হকক গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গোচৰত জামিন প্ৰদান কৰিছে। শ্ৰীভূমিৰ পাথাৰকান্দি আৰক্ষী থানাত ৰুজু…

    ৰাকেশ পালৰ দিনত চাকৰি পোৱা ৬১০ জনেই সুৰক্ষিত, বিধানসভাত অখিল-হিমন্তৰ তৰ্কযুদ্ধ

    অসম বিধানসভাত আজি এপিএছচিৰ কেলেংকাৰীৰ প্ৰসংগত উত্তপ্ত হয়। অখিল গগৈয়ে ৰাকেশ পালৰ দিনত ২০১৩ আৰু ২০১৪ চনত চাকৰি পোৱা ৬১০ জনৰ বিষয়ে চাঞ্চল্যকৰ তথ্য দাঙি ধৰে। তেওঁৰ মতে, এই চাকৰিয়ালসকলক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…