বিজেপিৰ সৈতে লগলাগি চৰকাৰ চলাই থাকিলেও অগপ নেতা কমলাকান্ত কলিতা আৰু সত্যব্ৰত কলিতাই বাৰে বাৰে বিজেপিৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে৷ এইবাৰ অগপই ২০২৬ চনৰ নিৰ্বাচনত সহযোগী বিজেপিৰ পৰা ৪৫ খন অসন দাবী কৰিব বুলি উল্লেখ কৰিছে অগপ নেতা জয়নাথ শৰ্মাই৷ আজি ৰঙিয়াত অগপ বিধান পৰিষদৰ কাৰ্যালয়ত অগপৰ কেন্দ্ৰীয় উপ-সভাপতি জয়নাথ শৰ্মাই ৪৫ খন আসন দাবী কৰাৰ কথা উল্লেখ কৰিছে৷ জয়নাথ শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনত অগপ দলে আসন দাবী কৰিব৷ আমাক ছীট লাগে বুলি ক’লে বিজেপিৰ বিৰুদ্ধাচৰণ কৰা বুজাব নেকি? আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিছো। মনত ৰাখিব, অসম গণ পৰিষদ মিত্ৰজোঁট চৰকাৰৰ সক্রিয় অংশীদাৰ। এই চৰকাৰখনত আন অংশীদাৰ দলসমূহৰ যি অধিকাৰ আছে, আমাৰো আছে। অগপ দলে ৪৫ খন আসন দাবী কৰিব। ২০২৬ অগপক কমেও ৪৫টা সমষ্টি লাগিব। আমি মিত্রদল বিজেপিক এই কথা জনাই আছো। ২০২৬ৰ বাবে আমি ৰঙিয়া, মঙলদৈ, ছিপাঝাৰকে ধৰি কেইবাটাও সমষ্টি দাবী কৰিছো। এতিয়া কথা হ’ল এই বিষয়টো নিষ্পত্তি হ’ব দুয়ো দলৰ আসন ভাগ-বাটোৱাৰা সম্পৰ্কীয় সভাত৷
দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…
প্ৰধানমন্ত্ৰী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিজ…