২০ খন আসন দিলেহে কংগ্ৰেছৰে মিত্ৰতা, এআইইউডিএফ কংগ্ৰেছৰ চামিল হওকঃ অখিল

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ২০২৬ চনত চৰকাৰ গঠন কৰাৰ দাবী, ২৬ বিধায়ক জয়ী কৰোৱাৰ দাবী কৰি আহিছে৷ আজিলৈ সম্পূৰ্ণকৈ এটাও বিধানসভা নিৰ্বাচনত পূৰ্ণাংগভাৱে নিৰ্বাচন খেলাৰ অভিজ্ঞতা নথকা অখিল গগৈয়ে বাৰে বাৰে ২০২৬ চনত চৰকাৰ গঠনৰ ঘোষণা কৰি আহিছে৷ ইপিনে একেইগৰাকী অখিল গগৈয়ে শেহতীয়াকৈ বিজেপি তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অসমীয়া হিন্দু অধ্যূষিত বিধানসভা সমষ্টিৰ পৰিৱৰ্তে মুছলমান অধ্যূষিত সমষ্টিত ব্যাপকহাৰত প্ৰচাৰ কৰি অহাত অখিল গগৈয়ে বিৰোধীৰ ভোট ভাঙি বিজেপিক যিকোনো প্ৰকাৰে সহায় কৰিব খোজা বুলি অভিযোগৰ মাজতে আজি অখিল গগৈয়ে পুনৰ বিস্ফোৰণ ঘটাইছে৷ কংগ্ৰেছে ২০ খন আসন এৰি দিলেহে মিত্ৰতা কৰা হ’ব বুলি ঘোষণা কৰিছে৷ কংগ্ৰেছে যদি আমাৰ এই দাবী মানি নলয় তেন্তে আমি ১২৬টা সমষ্টিত প্ৰাৰ্থী সাজু কৰিছো৷ আমি ২০ খন আসন বিচাৰিব খুজিছো আৰু ২০ আসনত যাতে বিধায়ক জয়ী কৰি আনিব পাৰো তাৰ আশা কৰিছো৷ এআইইউডিএফ দলক কংগ্ৰেছৰ সৈতে চামিল হ’বলৈ আহ্বান জনাইছে অখিল গগৈয়ে৷ আজি গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ ছেটেলাইট চেনেলক দিয়া সাক্ষাৎকাৰত এই আহ্বান জনাইছে অখিল গগৈয়ে৷ অখিল গগৈয়ে বদৰুদ্দিন আজমলক হি’ৰ থাকিবলৈ আহ্বন জনাই কয় যে যদি এআইইউডিএফ দল নিজে নিজে ধ্বংস হৈ তেতিয়া বদৰুদ্দিন আজমল ভিলেইন হ’ব৷ যদি ৰাইজে ধ্বংস কৰাৰ পৰিৱৰ্তে আজমলে পূৰ্বেই দলটো ভাঙি দিয়ে তেন্তে আজমল হি’ৰ হ’ব পাৰিব৷ সংখ্যালঘূৰ ভোট বিভাজন কৰিবলৈ কংগ্ৰেছ আৰু ইউডিএফৰ দখলত থকা সংখ্যালঘূ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা সমষ্টিত অখিল গগৈৰ তৎপৰ হোৱাত বিজেপিক সহায় কৰিব খোজা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে আজি অখিল গগৈয়ে স্পষ্টিকৰণ দি কয় যে ২৬ অক্টোবৰলৈ আমাৰ কংগ্ৰেছৰ সৈতে ভাল সম্পৰ্ক আছিল৷ কিন্তু ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ দৰেই উপ-নিৰ্বাচনত কংগ্ৰেছে আসন নিদিয়াত আমি প্ৰচাৰ কৰাৰ সিদ্ধান্ত লও৷ যোৱা দুটা বছৰে আমি কংগ্ৰেছৰ সৈতে থকাত কংগ্ৰেছৰ দখলত থকা সমষ্টিত প্ৰচাৰ কৰা নাছিলো৷ এতিয়া সম্পৰ্ক নাই বাবে আমি সকলো ঠাইত প্ৰচাৰ আৰম্ভ কৰিছো৷

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…