শোণিতপুৰ জিলাৰ তেজপুৰৰ ২৫ বছৰীয়া প্ৰতিভাৱান চিত্ৰশিল্পী দেৱাশ্ৰী তামুলিক প্ৰদান কৰা হৈছে বিশেষ সন্মান। দেৱাশ্ৰী তামুলিক তেজপুৰৰ মাজগাঁৱৰ জোনাক প’ল ইনিচিয়েটিভ প্ৰাগজ্যোতিষাই নৰ্থ ইষ্ট প্ৰাইড এৱাৰ্ড ফৰ বেষ্ট ফিমেল আৰ্টিছ অফ দ্যা ইয়েৰ বঁটা প্ৰদান কৰিছে৷ জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ মঞ্চত এই বঁটা প্ৰদান কৰা হয়৷ আনুষ্ঠানিক আৰ্টৰ শিক্ষা নোপোৱাকৈয়ে কঠোৰ অনুশীলনেৰে আগুৱাই যোৱাৰ চেষ্টা অব্যাহত ৰখা দেৱাশ্ৰী তামুলিয়ে এখন আৰ্ট স্কুল খোলাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিত্ৰশিল্পী হোৱাৰ সপোন পুঁহি ৰাখিছে। ঐতিহাসিক শিক্ষানুষ্ঠান দৰং মহাবিদ্যালয়ৰ পৰা ২০২০ বৰ্ষত কলা শাখাৰ স্নাতক ডিগ্ৰী লৈ চিত্ৰ অংকন কৰি সমাদৰ লাভ কৰিছে দেৱাশ্ৰীয়ে৷ দেৱাশ্ৰীক কলকাতাস্থিত সৰ্বভাৰতীয় সংগীত-সংস্কৃতি পৰিষদে ফাইন আৰ্টছৰ ৰত্ন আৰু বিষাৰদৰ প্ৰমানপত্ৰ প্ৰদান কৰিছে। তেজপুৰ দ-পৰ্ব্বতীয়াৰ নিবাসী বিষ্ণুজ্যোতি তামুলি আৰু মিজু তামুলিৰ কন্যা দেৱাশ্ৰী তামুলিৰ হাতৰ পৰশত অসমীয়া জাতীৰ স্বাভিমান ফুলাম গামোচাত জামুগুৰিহাটৰ যুৱ সাংবাদিক চন্দন শৰ্মাৰ আলোকচিত্ৰ ৰং তুলিকাৰে জিলিকাই ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে৷
আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…
ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…