২৬ হাজাৰ কোটি পানীত পৰিল আদানীৰ

২৬ হাজাৰ কোটি পানীত পৰিল আদানীৰ

৬টা বেংক একাউণ্টসহ সমুদায় টকা জব্দ কৰিলে ছুইছ বেংকে

৩১০ মিলিয়ন ডলাৰসহ ছুইছ বেংকে জব্দ কৰিলে গৌতম আদানীৰ কেইবাটাও বেংক একাউণ্ট। ছুইজাৰলেণ্ডৰ সংবাদ প্ৰতিষ্ঠান গথাম চিটিৰ উদ্ধৃতি প্ৰদান কৰি এই তথ্য প্ৰকাশ কৰিছে আমেৰিকাৰ হিণ্ডেনবাৰ্গ নামৰ ৰিছাৰ্ছ প্ৰতিষ্ঠানটোৱে। প্ৰতিবেদন অনুসৰি, আদানী গোষ্ঠীৰ সৈতে সম্পৰ্কিত কেইবাটাও বেংক একাউণ্ট জব্দ কৰা হৈছে। এই বেংক একাউণ্ট কেইটাত জমা থকা ধনৰ পৰিমাণ আছিল ৩১০ মিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাৰ হিচাপত এই ধনৰ পৰিমাণ ২৬০০০ কোটি টকা।

এই বিশাল ধনৰাশি ছুইজাৰলেণ্ডৰ মুঠ ৬ টা বেংক একাউণ্টত জমা আছিল বুলিও দাবী কৰিছে হিণ্ডেনবাৰ্গে।কিন্তু ইয়াৰ বিপৰীতে আদানী গ্ৰুপে জনাইছে ছুইছজাৰলেণ্ডৰ কোনো বেংকত তেওঁলোকৰ প্ৰতিষ্ঠানৰ একাউণ্ট নাই। হিণ্ডেনবাৰ্গে যি প্ৰতিবেদন প্ৰকাশ কৰিছে সেয়া অসত্য আৰু উদ্দেশ্যপ্ৰণোদিত বুলিও দাবী আদানী গ্ৰুপৰ।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনত বেআইনীভাৱে শ্বেয়াৰ আৰু অৰ্থনৈতিক লেনেদেন সংক্ৰান্ত এক গোচৰ ৰুজু হৈছিল। এই গোচৰৰ তদন্তৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে ছুইজাৰলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষই। অভিযোগ উঠিছিল গৌতম আদানীৰ মালিকানাধীন কোম্পানীৰ সৈতে জড়িত এগৰাকী নাগৰিকে ব্ৰিটিছ ভাৰ্জিন আইলেণ্ডছ, মৰিছাচ আৰু বাৰমুডাৰ বিত্তীয় প্ৰতিষ্ঠানত পুঁজি বিনিয়োগ কৰিছিল। সেই কোম্পানীসমূহে আকৌ আদানী গ্ৰুপত সম্পূৰ্ণ পুঁজি বিনিয়োগ কৰিছিল। সেয়ে সেই ব্যক্তিজনৰ একাউণ্ট ফ্ৰীজ কৰাৰ লগতে আদানী গ্ৰুপৰ মুঠ ৬ টা একাউণ্ট ফ্ৰীজ কৰি তাৰ ধন বাজেয়াপ্ত কৰিছে বুলি দাবী কৰিছে হিণ্ডেনবাৰ্গে।

  • Related Posts

    ভয়াবহ ভূমিকম্প এক হাজাৰৰ মৃত্যু

    ২৮ মাৰ্চত ৭.৭ ৰিখটাৰ স্কেলৰ এক ভয়াবহ ভূমিকম্পই ম্যানমাৰক তচ-নচ কৰি পেলাইছে। বৰ্তমানলৈকে  ১,০০০  লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১,৫০০ জন আঘাতপ্ৰাপ্ত হৈছে বুলি ৰাষ্ট্ৰীয় টেলিভিছনে প্ৰকাশ কৰিছে। সেনা-নিয়ন্ত্ৰিত চৰকাৰে আনুষ্ঠানিকভাৱে…

    ম্যানমাৰত ৭.৭ ৰিক্টাৰ স্কেলৰ ভূমিকম্প, খহি পৰিল অট্টালিকা

    শুকুৰবাৰে ম্যানমাৰত ৭.৭ ৰিক্টাৰ স্কেলৰ ভূমিকম্প এটা অনুভৱ কৰা হৈছে। ইয়াৰ কম্পন অসমৰ গুৱাহাটী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য অঞ্চলৰ লগতে দিল্লী-এনচিআৰতো অনুভৱ কৰা হৈছে। বাংলাদেশ, ভাৰত, লাওছ, ম্যানমাৰ (বৰ্মা), থাইলেণ্ড আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…