

ডিজিটেল ডেস্কঃ অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।
কামাখ্যা প্ৰসাদ তাছা আৰু সৰ্বানন্দ সোণোৱাল লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে খালী হৈ আছিল অসমৰ দুখন ৰাজ্যসভাৰ আসন।
নিৰ্বাচন আয়োগে সদৰী কৰা মতে, অহা ৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই দুই ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন। ইফালে আজিৰ পৰা আৰম্ভ হৈছে মনোনয়ন দাখিল প্ৰক্ৰিয়া, প্ৰাৰ্থীসকলক মনোনয়ন দাখিল কৰিবলৈ ২১ আগষ্টলৈকে সময় দিয়া হৈছে।
২৬ আৰু ২৭ আগষ্টত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।
ইফালে নিৰ্বাচন আয়োগৰ সুশৃংখলিত প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি একেদিনাই ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত নিৰ্বাচনী প্ৰক্ৰিয়া শীঘ্ৰে সমাপ্ত হ’ব।
নিৰ্বাচনৰ সময়সীমা আৰু আনুষংগিক প্ৰট’কলৰ ওপৰত অধিক স্পষ্টতা প্ৰদান কৰি ৰিটাৰ্নিং অফিচাৰ ৰাজীৱ ভট্টাচাৰ্যই এই গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াক পথ প্ৰদৰ্শন কৰিব পৰা বহল প্ৰক্ৰিয়াসমূহৰ বিষয়ে বিতংভাৱে কয়।