আজি অসম সাহিত্য সভাই অসমৰ চাৰি বিশিষ্ট কবি-সাহিত্যিকক সৰ্বোচ্ছ সন্মান প্ৰদানৰ ঘোষণা কৰিছে৷ সৰ্বোচ্চ সন্মান সাহিত্যাচাৰ্য সন্মান প্ৰদানৰ ঘোষণা কৰিছে। পূৰ্বৰ দৰে এইবৰ্ষটো অসম সাহিত্য সভাই ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ সাহিত্যাচাৰ্য সন্মান লাভ কৰা ব্যক্তি সকলৰ নাম। বিশিষ্ট সাহিত্যিক ড০ কৰৱী ডেকা হাজৰীকা, ইদ্ৰিছ আলী, ভাষাবীদ ড০ ভীমকান্ত বৰুৱা আৰু সমালোচক ড০ আনন্দ বৰমুদৈত এই সন্মান প্ৰদানৰ ঘোষণা কৰা হৈছে। ভাষা-সাহিত্য তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম সাহিত্য সভাই এই সকল পুৰোধা ব্যক্তিক প্ৰদান কৰে বৰ্ষৰ সাহিত্যাচাৰ্য সন্মান। ৩০ জানুৱাৰীৰ পুৱা ১১ বজাত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ লক্ষ্মীৰাম বৰুৱা ভৱনৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানতে প্ৰাচ্যতত্ত্ববিদ থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকাক সদস্য মহীয়ান সন্মানৰ লগতে বিশিষ্ট কবি আনিছ উজ জামানক জাতীয় কবি উপাধি প্ৰদান কৰে অসম সাহিত্য সভাই।
▪️হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতেই অসমত চলি আছে কয়লা ছিণ্ডিকেটঃ সুপ্ৰিয়া শ্ৰীনেট
নিখিল ভাৰত কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাষ্ট্ৰীয় জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে আজি গুৱাহাটীত এখন সংবাদমেলত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে এজন ভ্ৰষ্টাচাৰী আৰু…