
জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ
ৰাজ্যৰ দুগ্ধ উন্নয়ন আঁচনিত ৫০ লাখ টকাৰ ৰাজসাহায্য বিতৰণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কে ৰাজ্যৰ ৰাজনীতিক গৰম কৰি তুলিছে। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ লগতে মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠৰ নাম হিতাধিকাৰীৰ তালিকাত থাকি পৰে জনসাধাৰণৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে।
এই ঘটনাক লৈ সাংবাদিকৰ সন্মুখত জ্বলন্ত প্রতিক্ৰিয়া ব্যক্ত কৰি জয়ন্তমল্ল বৰুৱাই সংবাদ প্ৰতিষ্ঠান দুটা ওপৰত ব্যক্তিগত আক্ৰমণ কৰাৰ লগতে নিজৰ ফাৰ্মত ৬০-৭০টা গীৰ গাই আৰু কৰ্মচাৰী থকা বুলি দাবী কৰে। তেওঁ কয়, “মই লাভৰ বাবে নহয়, দুগ্ধ বিপ্লৱৰ বাবে এই ব্যৱসায়ত নামিছিলোঁ।”
ইফালে, গৰুখুঁটি বহুমুখী প্ৰকল্পৰ গীৰ গাই মন্ত্ৰীগৰাকীৰ ৰঙিয়া ফাৰ্মলৈ নিয়াৰ গুৰুতৰ অভিযোগো উত্থাপন হৈছে। আৰটিআই উত্তৰত এই তথ্য প্ৰকাশ হোৱাত পুনৰ বিতৰ্কৰ জন্ম হৈছে। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয়, “৩০০ গাইৰ ভিতৰত ৯০ জনী অন্তৰ্ধান হৈছিল—এতিয়াহে বুজিছো ক’লৈ গ’ল।”
ইতিমধ্যে বিজেপি সভাপতি দিলীপ শইকীয়াই কোনো নাম উল্লেখ নকৰাকৈ কৈছে— “আমালোকেই যদি সুবিধা লয়, আমি নিজৰ ক্ষেত্ৰত কঠোৰ হওক।” তেওঁ আৰু কয়, “কেৱল তালিকাত নাম থকাৰ বাবেই বিতৰ্ক সৃষ্টি হৈছে। স্বাৱলম্বী হোৱাৰ বাবে সহায় লোৱাটো অশুদ্ধ নহয়, কিন্তু নিজস্ব নীতি-নৈতিকতা ৰাখিব লাগিব।”
এই ঘটনাক লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক তীব্ৰ আক্রমণ কৰে। তেওঁ কয়, “দেশমাতৃক বিক্ৰী কৰিব পৰা মানুহ, ৫০ লাখ টকা খাই গোমাতাক অপমান কৰিছে। কামাখ্যাত গৈ পাপ স্বীকাৰ কৰি ক্ষমা খুজি, ৫০ লাখ টকা উভতাই দিয়ক—নহ’লে মন্ত্ৰীত্ব আঁতৰিবই লাগিব।”