শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত আৰু ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা শিক্ষকক গুৰু প্ৰণাম কৰিব অসম প্ৰদেশ কংগ্ৰেছে। এই কথা ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। দাৰ্শনিক, সমাজ বিজ্ঞানী, স্বাধীন ভাৰতৰ প্ৰথম উপ–ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোত তথা শিক্ষক দিৱসত কৰ্মৰত, অৱসৰপ্ৰাপ্ত শিক্ষকক গুৰু প্ৰণাম কৰিব কংগ্ৰেছে।
৫ ছেপ্টেম্বৰত শিক্ষকক গুৰু প্ৰণাম কৰিবলৈ কংগ্ৰেছৰ সাংসদ-বিধায়ক, তৃণমূল কৰ্মী যাব শিক্ষকৰ ঘৰলৈ। শিক্ষক সমাজৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্য লৈছে কংগ্ৰেছ নেতৃত্বই।