৬০ ঘণ্টাত উত্তৰ-পূৰ্বাঞ্চলত নিহত ৬, ডিমা হাচাওত আৰক্ষীৰ গুলীত নিহত ৩ এনএছচিএন কেডাৰ

উত্তৰ-পূৰ্বাঞ্চলত পেহেলগাম ঘটনাৰ পিছত বিদ্ৰোহী বিরোধী অভিযান জোৰদাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। বিগত ৬০ ঘণ্টাৰ ভিতৰত অসম আৰু অৰুণাচল প্ৰদেশত সংঘটিত পৃথক দুটা সংঘৰ্ষত মোট ৬ বিদ্ৰোহী নিহত হৈছে। এই দুই ঘটনাই অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতিক অধিক তীব্ৰ আৰু চিন্তাজনক কৰি তুলিছে।

প্ৰথম ঘটনাটো সংঘটিত হয় ২৭ এপ্ৰিলৰ নিশা, অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পাংচাওত। এনএছচিএন (আংগামি) গোটৰ ১৫ জনীয়া অস্ত্ৰধাৰী দলটোৱে দুজন শ্ৰমিক—৩৫ বছৰীয়া জানলুং ৱাংপান আৰু ২৬ বছৰীয়া মহম্মদ গিয়াছুদ্দিনক অপহৰণ কৰে। অপহৰণৰ পাছতেই অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলসে অভিযান আৰম্ভ কৰে। গোপন সূত্ৰৰ ভিত্তিত পাংচাওৰ জংঘলত অভিযান চলোৱাৰ সময়তে বিদ্ৰোহী গোটৰ সৈতে সংঘৰ্ষ হয়, য’ত এনএছচিএন (আংগামি)ৰ ৩ জন কেডাৰ গুলীবিদ্ধ হৈ নিহত হয়।

দ্বিতীয়টো সংঘৰ্ষ সংঘটিত হয় আজি অসম-নাগালেণ্ড সীমান্তৱৰ্তী ডিমা হাচাও জিলাত। এন কুবিন আৰু হেৰাকিলো অঞ্চলৰ মাজত হোৱা সংঘর্ষত অসম আৰক্ষীৰ গুলীত এনএছচিএনৰ তিনিজন সন্দেহযুক্ত কেডাৰ নিহত হয়। আৰক্ষীয়ে জানিবলৈ দিছে যে, নাগালেণ্ডৰ পৰা অহা অস্ত্ৰধাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্পৰ সৈতে জড়িত ঠিকাদাৰসকলৰ পৰা ধন দাবী কৰি আছিল।

অসম আৰক্ষীৰ চিপিআৰঅ’ ৰাজীব নাৰায়ণে সংবাদ মাধ্যমক জনাইছে যে, অপহৰণ আৰু ধন দাবীৰ পৰিপ্ৰেক্ষিতত যুটীয়া অভিযান চলোৱা হৈছিল। অভিযানে চলি থকা সময়তে বিদ্ৰোহী গোটৰ সদস্যসকলে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে আৰু প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীবৰ্ষণ কৰে। সংঘর্ষত নিহত বিদ্ৰোহীসকলৰ পৰা দুটা একে-৪৭ ৰাইফল, এটা পিষ্টল আৰু কেইবাটাও গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে।

সূত্ৰ মতে, ডিমা হাচাও জিলাৰ কেইবাটাও উন্নয়ন প্রকল্পত বিদ্ৰোহী গোটে ধন দাবী কৰি হেঁচা প্ৰয়োগ কৰিছিল। ৬০ ঘণ্টা ধৰি চলা এই অভিযানত অপহৰণ কাণ্ড, অস্ত্ৰধাৰী উপস্থিতি আৰু সংগঠিত ধন দাবীৰ বিৰুদ্ধে ৰাজ্যিক আৰু কেন্দ্ৰীয় বাহিনীয়ে যৌথভাৱে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, এই ধৰণৰ অভিযান আগন্তুক দিনবোৰত আৰু অধিক কঠোৰ হ’ব বুলি অনুমান কৰা হৈছে। অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত এই অভিযান এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

  • Related Posts

    মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগক গোচৰ কংগ্ৰেছৰ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নাৰীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসম প্ৰদেশ মহিলা কংগ্ৰেছে অসম ৰাজ্যিক মহিলা আয়োগক এখন পত্ৰ প্ৰদান কৰিছে৷ আজি মহিলা…

    জাতিগত জনগণনাক আদৰণি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ

    ভাৰত চৰকাৰে অহা লোকপিয়লত জাতি-জনগোষ্ঠীসমূহৰ জনগণনা কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম গৰিয়া জাতীয় পৰিষদে৷ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলাম আৰু সাধাৰণ সম্পাদক মীৰ আৰিফ ইকবাল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…