
এজন টেলিভিছন চেনেলৰ সাংবাদিক আৰু আনএগৰাকী ডিজিটেল প্লেটফৰ্মৰ সংবাদ উপস্থাপক নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ৬৫ কোটি টকাৰ ব্লেকমেইলৰ সন্দেহত জড়িত থকা গোচৰত আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে।
অভিযুক্ত দুজন হৈছে শাজিয়া নিছাৰ, যিয়ে টেলিভিছন সংবাদ চেনেলত কৰ্মৰত। আজন হৈছে আদৰ্শ ঝা। যিয়ে এখন সংবাদপত্ৰৰ সংযুক্ত এখন ডিজিটেল প্লেটফৰ্মৰ সংবাদ উপস্থাপক। চেক্টৰ ৫৮ আৰক্ষী থানাৰ দায়িত্বত থকা আমিত কুমাৰে জনোৱা মতে দুয়োজনে সংবাদ চেনেলটোৰ ব্যৱস্থাপনা বিভাগৰ পৰা বিপুল পৰিমাণৰ ধন জোৰ কৰি উঠাইছিল বুলি অভিযোগ উঠিছে। আৰক্ষীয়ে কয়, এই ধনৰ পৰিমাণ কোটিৰ ঘৰৰ।
তদন্ত চলাকালত আৰক্ষীয়ে শাজিয়া নিছাৰৰ বাসগৃহৰ পৰা নগদ ৩৪.৫ লাখ টকা উদ্ধাৰ কৰে। সংবাদ চেনেলটোৰ ব্যৱস্থাপনা বিভাগ, মানৱ সম্পদ (HR) বিভাগ আৰু চেয়াৰমেন তথা ব্যবস্থাপনা পৰিচালকৰ (CMD) দ্বাৰা দাখিল কৰা তিনিখন এফআইআৰৰ আধাৰত এই দুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আদালতত হাজিৰ কৰোৱাৰ পিছত, দুয়োজন অভিযুক্তক ন্যায়িক জিম্মালৈ পঠিওৱা হৈছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে আৰু অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।