৭ হাজাৰ টকাত বিক্ৰী বাংলাদেশী যুৱতী, হোটেলৰত অপকৰ্মত লিপ্ত কৰোৱাই কৰিছিল ৰেকৰ্ডিং

বাংলাদেশী যুৱতীক গুৱাহাটীৰ হোটেলৰ কোঠাত আৱদ্ধ কৰি অনৈতিক কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰোৱাৰ ঘটনা পোহৰলৈ অহাত সমগ্ৰ গুৱাহাটীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ হোটেল আদিত্য পেলেচত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে বাংলাদেশী যুৱতীক হোটেলৰ কোঠাত বন্দী কৰি শোষণৰ প্ৰয়াস কৰাৰ অভিযোগত ছয় যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী আৰক্ষীয়ে৷ বকোৰ জাহাংগীৰ আলম, ছফিকুল হক, মোল্লা জাহাংগীৰ, বৰপেটাৰ ছাদ্দাম হুছেইন, ছফিকুল ইছলাম, চুৰত জামালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, এগৰাকী বাংলাদেশী যুৱতীৰ নামত হোটেল আদিত্য পেলেচত কোঠা ভাড়া কৰিছিল হাতীগাঁৱৰ জাকিৰ নামৰ যুৱকে৷ জাকিৰে যুৱতীৰ নামত ভুৱা আধাৰ কাৰ্ড তৈয়াৰ কৰি ১০১ আৰু ১০২ নং কোঠা দুটা হোটেলৰ কোঠা বুকি কৰিছিল বুলিও জানিব পৰা গৈছে৷ জাকিৰে বিদেশী যুৱতীৰ ৭ হাজাৰ টকাৰ বিনিময়ত গ্ৰেপ্তাৰ হোৱা ৬ যুৱকৰ হাতত তুলি দিছিল৷ ৬ যুৱকে লগলাগি হোটেলৰ কোঠাতে যুৱতীৰ সৈতে অপকৰ্ম সংঘটিত কৰাৰ প্ৰয়াস কৰে৷ দলবদ্ধভাৱে শাৰীৰিক শোষণৰ প্ৰয়াস কৰাৰ লগতে সেই দৃশ্যসমূহ মোবাইলত ৰেকৰ্ড কৰে৷ বিদেশী যুৱতীগৰাকীক হোটেলৰ কোঠাত অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ দৃশ্যসমূহ ৰেকৰ্ড কৰিছিল৷ যুৱতীয়ে মোবাইলৰ সন্মুখত সকলো কৰি যাবলৈ বাধ্য হৈছিল৷ কিন্তু যুৱতীয়ে কেনেবাকৈ চক্ৰবেহুৰ পৰা মুক্ত হৈ হোটেলৰ পৰা ওলাই আহি গুৱাহাটী আৰক্ষীৰ কাষ চাপে৷ বিদেশী যুৱতীগৰাকীয়ে আৰক্ষীৰ সন্মুখত সকলো কথা বৰ্ণানা কৰে। লগে লগে আৰক্ষীয়ে অভিযান আৰম্ভ হয়৷ অভিযানত জাহাংগীৰ, ছফিকুল, জাহাংগীৰ, ছাদ্দাম, ছফিকুল আৰু চুৰত জালত পৰে৷ অসম আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাই ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে আটাইকেইজনৰ পৰা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দকৃত মোবাইলত অপত্তিজনক দৃশ্যসমূহ মজুত থকা বুলি জানিব পৰা গৈছে৷ খবৰ মতে, হাতীগাঁৱৰ জাকিৰে ৭ হাজাৰ টকাৰ বিনিময়ত বাংলাদেশৰ ২২ বছৰীয়া যুৱতীগৰাকীক বকোৰ ছফিকুল হকৰ হাতত তুলি দিছিল। সিমানে নহয় ভুৱা আধাৰ কাৰ্ড তৈয়াৰ কৰি হোটেলৰ কোঠা বুক কৰিছিল। বিদেশী যুৱতী যোগান ধৰা জাকিৰ বৰ্তমান পলাতক যদিও জাকিৰক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে জাল পেলাইছে৷ বিদেশী যুৱতীগৰাকী কেনেকৈ গুৱাহাটীলৈ আহিল সেই কথা পোহৰলৈ আনিবলৈ তদন্ত আৰম্ভ কৰিছে গুৱাহাটী আৰক্ষীয়ে৷ লগতে এনেদৰে বিদেশী যুৱতী যোগান ধৰি চক্ৰটোৱে বেহা চলাই গৈছে নেকি তাক লৈও আৰক্ষীয়ে তদন্ত কৰিব বুলি জানিব পৰা গৈছে৷

  • Related Posts

    ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

    আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

    গীতাশ্ৰী তামুলীকে চাকৰিৰ অভিযোগক লৈ তদন্ত কৰিবলৈ ক’লে মুখ্যমন্ত্ৰীয়ে

    অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ অব্যাহত আছে৷ গুৱাহাটীৰ বি.বৰুৱা কলেজৰ অধ্যাপিকা গীতাশ্ৰী তামুলীৰ চাকৰিক লৈ সদনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে সন্দেহ ব্যক্ত কৰাত একাংশ লোকে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…