
বাঘ এতিয়া শুই আছে৷ সাধাৰণ কেৰাণী-মহৰীৰ দৰে কৰ্মচাৰীয়ে কোনোবাই ২০০০ টকা ল’লেই বাঘৰ দৰে জঁপিয়াই পৰিম বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া নিজৰ প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কে ৮০-৯০ লাখ টকা খোৱা বুলি অভিযোগ উঠাৰ পিছতো বাঘে জঁপিয়াই ধৰিবলৈ সাহস কৰা নাই৷ ড০ হিমন্ত বিশ্ব শৰ্মাক শুই থকা দুৰ্বল বাঘ বুলি কটাক্ষ কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে দুৰ্নীতিৰ বিৰুদ্ধে গোঁজৰণি দিয়া বাঘ এতিয়া কাগজৰ বাঘলৈ পৰিণত হ’ল৷ টোপনিৰ ভাও ধৰা বাঘক নেগুৰত ধৰি জোকাৰি দি ভূপেন বৰাই কয় যে সাহস থাকিলে হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক৷ কিয়নো এই দুজন বিজেপিৰ বিধায়কে লাখ লাখ টকা ঘোঁচ লোৱা বুলি ব্যৱসায়ী ৰাজেশ বাজাজে ৰাজহুৱা অভিযোগ দিছিল৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গুজৰাটত অনুষ্ঠিত কেন্দ্ৰীয় কৰ্যকৰী সমিতিৰ বৈঠকত অংশ লৈ গুৱাহাটীলৈ উভতি আহি আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই গুৱাহাটীৰ ঘোঁৰামৰাস্থিত নিজ আৱাসত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী অভিযানক তীব্ৰ সমালোচনা কৰে৷ এপেক্স বেংকৰ পৰা ২০ কোটি ৩০ লাখ টকা উলিয়াই নিয়া ৰাজেশ বাজাজ নামৰ লোকজনে বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনে তেওঁৰ চাহ বাগিচা দখল কৰিব খোজাৰ লগতে তদানীন্তন মন্ত্ৰী সঞ্জয় কিষাণে ২ কোটি টকা দাবী কৰি ৮৮ লাখ টকা আদায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ সেই অভিযোগক লৈ সৰৱ হৈ ভূপেন বৰাই মুখ্যমন্ত্ৰীয়ে পূৰ্বে দুৰ্নীতি দেখিলে বাঘৰ দৰে জঁপিয়াই পৰিম বুলি কৰা মন্তব্যক মনত পেলাই দিয়ে৷ ভূপেন বৰাই কয় যে কেৰাণী বা মহৰীয়ে ২০০০ টকা খালে বাঘৰ দৰে জপিঁয়াই পৰে মুখ্যমন্ত্ৰী৷ যেতিয়া এপেক্স বেংকৰ কোনোবাই ৮০ লাখ বা ৯০ লাখ খায় তেতিয়া মুখ্যমন্ত্ৰীৰ বাঘটো চকু-কাণ মুদি শুই থাকে৷ দুজন বিধায়কে চাহ বাগিচা দখলৰ প্ৰয়াস আৰু ধন দাবী কৰাৰ লগতে আদায় লোৱাত জড়িত৷ কিন্তু মুখ্যমন্ত্ৰীৰ বাঘটো এতিয়া শুই আছে৷ বাঘটো এতিয়া সাৰ নাপায়৷ অসমত সকলোতে চিণ্ডিকেট চলি আছে বুলি উল্লেখ কৰি বৰাই কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ হাত-ভৰি বান্ধি থৈছে৷ আৰক্ষীক মুকলিকৈ চিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাবলৈ দিলে অসমৰ দক্ষ আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত চিণ্ডিকেট বন্ধ কৰিব পাৰিব৷ চিণ্ডিকেট চক্ৰৰ অডিঅ’ কল সন্দৰ্ভত বৰাই কয় যে চৰকাৰে তদন্ত কৰক আৰু তেঁও সহযোগিতা কৰিম বুলি উল্লেখ কৰি হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে সাক্ষ্য ল’বলৈ ১১ এপ্ৰিলত থানালৈ মাতি পঠিয়াইছে৷ বিশেষ সমস্যা নাথাকিলে তেওঁ থানালৈ যাব বুলি উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰীৰ নাকৰ তলতে চিণ্ডিকেট চলি আছে৷ সাহস থাকিলে তেওঁ বন্ধ কৰক৷ ইফালে দলত থকা বিসম্বাদ সন্দৰ্ভত বৰাই কয় যে কংগ্ৰেছ এটা বৃহৎ বিৰোধী দল৷ নেতা-কৰ্মীৰ মাজত কেতিয়াবা মনোমালিন্য হ’ব পাৰে৷ কিন্তু দলৰ স্বাৰ্থতহে হ’ব পাৰে যদিও এয়া সাময়িক৷ বিধায়ক নুৰুল হুদাক কাৰণ দৰ্শোৱাৰ জাননীক দিয়াক লৈ বৰাই কয় যে দলৰ সাংবিধানিক দায়িত্ব আৰু সাংগঠনিক স্থিতি সুদৃঢ় কৰিবৰ বাবে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত নিখিল ভাৰত কংগ্ৰেছৰ সৰ্বোচ্ছ নীতি নিৰ্ধাৰক সমিতি চিডব্লিউচিৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ তেওঁ নিজে, লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈ আৰু অসম বিধানসভাৰ বোৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া গৈছিল৷ ইয়াক লৈ কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে৷ দলীয় আইন-শৃংখলা মানি চলাটো প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য৷ বৰাই লগতে কয় যে কংগ্ৰেছ দলে বিজেপি বিৰোধী মিত্ৰ শক্তিক লৈ ২০২৬ত চৰকাৰ গঠন কৰাটো নিশ্চিত আৰু পঞ্চায়ত নিৰ্বাচনত ৭৫ লাখতকৈ অধিক ভোট কংগ্ৰেছ দলে লাভ কৰিব৷ বিৰোধী ঐক্য সন্দৰ্ভত ড০ হীৰেন গোহাঁইৰ দৰে শ্ৰদ্ধাৱান অসম প্ৰেমী লোকে কংগ্ৰেছ দলক দিয়া পৰামৰ্শ কাৰ্যকৰী কৰা হ’ব বুলি উল্লেখ কৰি বৰাই কয় যে হীৰেন গোহাঁইৰ মতে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা হ’ব। কোন দলৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰিব সেই সিদ্ধান্ত ল’ব হীৰেন গোহাঁয়ে। বিহুৰ মাজতে হীৰেন গোঁহাইৰ সৈতে আলোচনা কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। হীৰেন গোহাঁয়ে যাৰ সৈতে কয় তাৰ সৈতে কংগ্ৰেছে কৰিব মিত্ৰতা। মিত্ৰতাৰ সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে দলক গালি পৰা নেতাৰ লগত কংগ্ৰছৰ কথা পতাত অসুবিধা আছে৷ বিজেপি তথা মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠ নেতাৰ সৈতেও কথা পতাত অসুবিধা আছে৷ আনহাতে, ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিত্তীয় পৰিচালনা নীতিক সমালোচনা কৰি বৰাই কয় যে চৰকাৰখন দেউলীয়া বুলি প্ৰমাণিত হৈছে৷ আৰু সেই বাবেই বিহু সমিতিসমূহক ডেৰ লাখকৈহে টকা দি আছে৷ কংগ্ৰেছ দলৰ চৰকাৰ আহিল ২০২৬ চনৰ পিছত অসমত ৰঙালী বিহু উদযাপন কৰিবলৈ বিহু সমিতিসমূহক ৩ লাখকৈ টকা দিয়া হ’ব বুলি বৰাই ঘোষণা কৰে৷ দেশৰ ভিতৰতে অসম কিহত টপত আছে বুলি উল্লেখ কৰি বৰাই কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনত মদ খোৱাত-মদ বিক্ৰীত এক নম্বৰত থাকিব লাগিব৷ নিবনুৱা সমস্যাত অসম শীৰ্ষত থাকিব লাগিব৷ মহিলাৰ ওপৰত ঘটা অপৰাধজনিত ঘটনাৰ ক্ষেত্ৰত অসম শীৰ্ষত৷ চাৰি নম্বৰত চিণ্ডিকেটত অসম এতিয়া শীৰ্ষত৷ পাঁচ নম্বৰত মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ মন্ত্ৰী-বিধায়কৰ সা-সম্পত্তি বৃদ্ধিত অসম শীৰ্ষত৷ ৰাইজে এইবোৰ দেখি আছে৷ অসমৰ ৰাইজে তাৰ পঞ্চায়তত প্ৰত্যুত্তৰ দিব৷ আনহাতে শিলচৰৰ অসম বিশ্ববিদ্যালয়ত ৰঙালী বিহুৰ বন্ধ সন্দৰ্ভত ভূপেন বৰাই কয় যে অসমীয়া জাতীয় সত্তা বন্ধাকবিৰ দৰে। সকলো জাতি-জনগোষ্ঠী মিলিহে অসমীয়া জাতি। বিহু সকলোৰে জাতীয় সম্পদ। নিজৰ আইক ভাল পোৱা মানে আনৰ আইক বেয়া পোৱা নুবুজায়। জিলা পৰিষদসমূহৰ বাবে জিলা সমিতিসমূহক কৰ্তৃত্ব দিয়াৰ প্ৰসংগ উল্লেখ কৰা বৰাই কয় যে ৮০ শতাংশ জিলাত প্ৰাৰ্থী বাছনি চূড়ান্ত হৈছে। আজি ৯৫ শতাংশ প্ৰাৰ্থী চূড়ান্ত হ’ব। বিহুৰ মাজত প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰি বৰাই কয় যে ব’হাগ বিহুৰত কৰ্মচাৰীয়ে যদি দৰমহা নাপাই তেন্তে কংগ্ৰেছে বিহুৰ মাজতে প্ৰতিবাদ কৰিব।