
বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩ বাজি ১৯ মিনিটত নিবৃত্তি আৰম্ভ হোৱাৰ পাছতে সামৰণি পৰে। পুৱা সূৰ্যোদয়ৰ পাছত কামাখ্যা দেৱালয়ৰ মুখ্য পুৰোহিতৰ নেতৃত্বত পাণ্ডা সমাজে মন্দিৰ পানীৰে ধুই চাফ -চিকুণ কৰি কামাখ্যাৰ পৰম্পৰা অনুসৰি যাৱতীয় নৃত্য পূজা, দেৱী স্নান আদি পৰ্ব সম্পন্ন কৰাৰ পাছত পুৱা ৫.৩০ বজাত ভক্তৰ দেৱী দৰ্শনৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হয়। এই সন্দৰ্ভত কামাখ্যা দেৱালয়ৰ বৰদেউৰী সমাজৰ বৰ দলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সৰু দলৈ হিমাদ্ৰী শৰ্মাই জানিবলৈ দিয়া মতে অম্বুবাচী মহাযোগত এইবেলি ৯ লাখৰো অধিক ভক্তৰ সমাগম হয় । অৱশ্যে বিগত বৰ্ষত প্ৰায় ১৩ লাখ ভক্তৰ সমাগম হৈছিল। বৃহস্পতিবাৰে পুৱাই মন্দিৰৰ দুৱাৰ খুলিলেই যাতে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি দেবীৰ আশীষ গ্ৰহণ কৰিব পাৰে তাৰ বাবে বুধবাৰে সন্ধিয়াৰ পৰাই ভক্তসকলে দীঘলীয়া শাৰী পাতিছিল । অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ ফালৰ পৰা মন্দিৰ দৰ্শন হব বিচৰা ভক্তসকলৰ মাজত কামাখ্যাৰ বংশীবাগান খেলপথাৰত মাজনিশাৰ পাছত দৰ্শনৰ বাবে প্ৰায় পাঁচ হাজাৰ টিকট প্ৰদান কৰা হৈছিল । মাজনিশাৰ পৰা পুৱতি নিশালৈকে অম্বুবাচী মহাযোগৰ শতাধিক কৰ্মকৰ্তা – সদস্যই এই টিকট প্ৰদান কৰে । তাৰ পাছত শাৰী পাতি তেওঁলোকে দেৱী দৰ্শন কৰি উভতি যায়। ইফালে প্ৰায় ৩০ হাজাৰৰো অধিক ভক্তই মন্দিৰ পৰিক্ৰমা তথা প্ৰদক্ষিণ কৰি উভতি যায় । উল্লেখ্য যে পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ পাছতেই অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সপত্নীক আহি মন্দিৰ দৰ্শন কৰি দেৱীৰ আশীষ গ্ৰহণ কৰে। ৰাজ্যপাল গৰাকীক যাবতীয় পূজা অৰ্চনা কৰা কাৰ্যত সহযোগ কৰে বৰ দলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সৰু দলৈ হিমাদ্ৰী শৰ্মাকে ধৰি কেবাজনো পাণ্ডাই। তাৰ পাছত লোকসভাৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া , অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈকে ধৰি কেবাজনো হাই প্ৰফাইল নেতা আৰু আমোলাই । ইফালে অসম – মেঘালয় কেডাৰৰ আই পি এছ বিষয়া আৰু বৰ্ত্তমান উত্তৰ প্ৰদেশ আৰক্ষীৰ মহা পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আনন্দ প্ৰকাশ তিৱাৰীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত কাৰ্যনিৰ্বাহ কৰি থকা কামাখ্যাৰ একান্ত ভক্ত হিচাপে পৰিচিত কেবাজনো জ্যেষ্ঠ আই এ এছ আৰু আই পি এছ বিষয়াই অম্বুবাচী মহাযোগ আৰম্ভ হোৱাৰ পাছতেই শক্তিপীঠ কামাখ্যা ধামলৈ ভক্তৰ বেশত বিগত কেইদিনত পূজা অৰ্চনা কৰি আহিছিল। বৃহস্পতিবাৰে তাৰে বেছিভাগেই দেৱী দৰ্শনৰ অন্তত উভতি যোৱা বুলি জানিব পৰা গৈছে। ইফালে অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে দেৱী দৰ্শনৰ বাবে বাকী ৰৈ যোৱা ভক্তৰ মাজত বৃহস্পতিবাৰে মাজনিশাৰ পাছত বুধবাৰৰ দৰে বংশীবাগান খেলপথাৰত টিকট প্ৰদান কৰিব। আনহাতে পাঁচদিনীয়া অম্বুবাচী মহাযোগ উপলক্ষে নীলাচল পাহাৰৰ লগতে আদাবাৰী , কামাখ্যাৰ পৰা আৰম্ভ কৰি শান্তিপুৰলৈকে সমাগম হোৱা ভক্তৰ ৯০ শতাংশই উভতি যোৱাৰ পাছত স্বাভাৱিকতে নিজম পৰিছে নীলাচল পাহাৰ । বৃহস্পতিবাৰ সন্ধিয়া পৰ্যন্ত ভক্তৰ সমাগমৰে মুখৰিত হৈ থকা শক্তিপীঠ কামাখ্যা ধামলৈ যেন ঘূৰি আহিবলৈ আৰম্ভ কৰিছে দুই সপ্তাহ আগৰ পৰিবেশ । অম্বুবাচী উপলক্ষে ১৭ জুন মানৰ পৰাই আৰম্ভ হৈছিল দেশী – বিদেশী ভক্তৰ আগমণ। বিগত প্ৰায় দহদিন লাখ লাখ ভক্তৰ সমাগমৰে উদুলি-মুদুলি হৈ পৰা নীলাচলত বৃহস্পতিবাৰৰ সন্ধিয়াৰ পাছত লাহে লাহে স্বাভাৱিক পৰিবেশ ঘূৰি অহাৰ পাছত নীলাচল পাহাৰৰ বাসিন্দা সকলেও স্বস্তিৰ নিশ্বাস পেলাইছে। ইফালে দুদিন পূৰ্বে ভক্তক সেৱা আগবঢ়াই অহা অসম গৰীয়া পৰিষদৰ এখন বিপনী মাজনিশা নিজকে বজৰংগ দলৰ বুলি দাবী কৰা অৰ্দ্ধ শতাধিক যুৱকে ভাঙি লণ্ড ভণ্ড কৰা কাৰ্যত জড়িতৰ সন্দেহত বৃহস্পতিবাৰে জালুকবাৰী আৰক্ষীয়ে দূপৰীয়া দহজন যুৱকক আটক কৰিছিল। কিন্তু সন্ধিয়া আৰক্ষীয়ে পুনৰ আটাইকে এৰি দিয়াক লৈ পৰিষদে ক্ষোভ ব্যক্ত কৰিছে।