
বিজেপি চৰকাৰৰ দিনত অসমখন অনন্য দিশলৈ গৈছে। চৰাইদেউ মৈদামে বিশ্বৰ স্বীকৃতি পালে। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ’ল।ঝুমুৰ-বিহু নৃত্য বিশ্বলৈ গতিমান হ’ল। বিজেপি চৰকাৰৰ দিনত প্ৰতিটো পৰ্যায়তে মানুহৰ বাবে যুঁজিছো। এই মন্তৱ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চেপ্তিস্থিত মোদী ফিল্ডত অনুষ্ঠিত বিশাল ‘বিজয় সংকল্প সমাৱেশত’ অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে। বিয়লিৰ ভাগত অনুষ্ঠিত সভাখনত প্ৰধান বিৰোধী দল কংগ্ৰেছক চোকা সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সুতা,লু ঙী, কম্বলৰ ৰাজনীতি শেষ হ’ব লাগে। ৰাজ্যত এতিয়া উন্নয়নৰ বতাহ বলিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে লুঙী ধুতিৰ প্ৰতি আমাৰ মৰম নাই। কংগ্ৰেছৰ দিনত চাকৰি দি পইচা লৈ নেতাবোৰে ডাঙৰ ডাঙৰ ঘৰ বনাইছে, কিন্তু আমি এখনো তামোল-পাণ নোখোৱাকৈ ডেৰ লাখ চাকৰি দিলো। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ লাভৰ সুবিধাৰ বাবে এতিয়া আৰু জিঅ’ টেগিঙৰ নামত কষ্ট খাব নালাগে বুলিও সদৰী কৰে। ৰেচন কাৰ্ড থাকিলে ইনকাম চাৰ্টিফিকেট নালাগে, কলেজত বিনামূলীয়া নামভৰ্তি হৈ যাব বুলি সদৰী কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীসকল উপকৃত হ’ব। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম দিছো। তেনেদৰে ৰন্ধন গেছৰ দাম ৩০০ টকা হ্ৰাস পাব বুলিও কয়। পহিলা অক্টোবৰৰ পৰা দাইল, চেনি বজাৰতকৈ ৩০ টকা আৰু নিমখ ১০ টকা ৰেহাই মূল্যত প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰঙিয়া,ক মলপুৰ আৰু হাজো বিধানসভা সমষ্টিৰ অতিৰিক্ত ৪ হাজাৰকৈ দৰিদ্ৰ পৰিয়াল অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ’ব বুলিও দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে নিৰ্বাচনৰ পিছত ৰঙিয়া-কমলপুৰ আৰু হাজো সমষ্টিৰ বিধায়ক-বিধায়িকাৰ সুবিধা অনুসৰি নিৰ্দিষ্ট এটা দিনত মহিলাসকলৰ বহু প্ৰতীক্ষিত ১০ হাজাৰ টকা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। একেখন মঞ্চতে দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আমাক ১০০% মৰম দিলে আমি চক্ৰ বৃদ্ধি সূতসহ ঘূৰাই দিম বুলি ভাষণত কয়। নিৰ্বাচন সেৱক আৰুৰাইজৰ মাজত মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰি শইকীয়াই সৰ্বস্তৰৰ ৰাইজৰ প্ৰতি ভোটদানৰ আহ্বান জনাই কয় যে প্ৰথমে ভোটদান পিছত জলপান ।একেখন মঞ্চতে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জীত দাস , বিধায়কদ্বয় ভবেশ কলিতা , দিগন্ত কলিতাৰ লগতে বিধায়িকা সুমণ হৰিপ্ৰিয়াৰ লগতে , ৰূপম শৰ্মা ,দিলীপ দাস প্ৰমুখ্যে নেতৃবৃন্দ উপস্থিত থাকে।