ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসত সংকল্প, চৰকাৰ হ’লে পূৰণ কৰিব পাঁচটা প্ৰতিশ্ৰুতি

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ৰাজ্যত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে অসমত ২০২০ চনত প্ৰতিষ্ঠা হোৱা ৰাইজৰ দলে চাৰিটা বছৰ সম্পূৰ্ণ কৰিলে৷ ২০১৯ চনত ‘কা’ বিৰোধী আন্দোলন কৰি গ্ৰেপ্তাৰ হৈ কাৰাগাৰত বন্দী হৈ থকাৰ সময়তে তদানীন্তন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ আহ্বানত অসমৰ ৭০টা থলুৱা সংগঠনৰ নেতৃত্বৰ উপস্থিতিত নতুন ৰাজনৈতিক দল ৰাইজৰ দল জন্ম দিছিল৷ দলটোৱে ২০২১ চনৰ নিৰ্বাচনত কেবাটাও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও মাথোঁ কাৰাগাৰত ভিতৰত থাকি নিৰ্বাচন খেলা অখিল গগৈয়ে শিৱসাগৰ সমষ্টিত জয়ী হৈছিল৷ ২০২১ চনত দলটোৰ নিৰ্চনী ফলাফল আশাজনক নাছিল যদিও বিগত চাৰিটা বছৰে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ অখিল গগৈয়ে আহোপুৰুষাৰ্থ কৰি গৈছে৷ সময়ে সময়ে বিতৰ্কত সোমাই পৰিলেও অখিল গগৈয়ে নেতৃত্বৰ দলটোৱে চৰকাৰৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ তেনে সময়তে কালি দলটোৱে গুৱাহাটীত চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰি চৰকাৰ গঠন কৰিবলৈ অসমবাসীৰ বাবে কি কি কৰিব সেয়া স্পষ্ট কৰিছে৷ সপোনৰ অসমৰ এক ৰূপৰেখা স্ক্ৰীণযোগে উপস্থাপন কৰি ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে বা চৰকাৰ গঠন কৰিলে কোনকেইটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব সেই কথা উল্লেখ কৰে। ৰাইজৰ দল ক্ষমতালৈ আহিলে মূলতঃ পাঁচটা নিশ্চিতি প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে। অসমৰ সকলো খেতিপথাৰত ১০০ শতাংশ জলসিঞ্চন আৰু সকলো সময়তে খেতি কৰিব পৰাৰ ব্যৱস্থা, খেতিয়কে উৎপাদন কৰা প্ৰতিটো বস্তুৰ নূন্যতম সমৰ্থন মূল্য প্ৰদান, অসমৰ স্থায়ী-স্থানীয় মানুহে প্ৰতিযোগিতাৰ জৰিয়তে বজাৰ দখল কৰিবলৈ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ প্ৰত্যেকখন গাঁৱত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অৰ্থনৈতিক বিকাশৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰা আৰু অসমক শ্ৰেষ্ঠ পৰ্যটন ৰাজ্য ৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে দলটোৱে৷ দলটোৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনটোজোৰা কাৰ্যসূচীৰে মহানগৰীৰ পাঞ্জাৱাৰীস্থিত শিল্পগ্ৰামত অনুষ্ঠিত কৰে। পুৱাৰ পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসত পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি অখিল গগৈয়ে। ‘কা’ আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে। দলৰ সদ্যপ্ৰয়াত উপ-সভাপতি হিৰণ্য বৰপাত্ৰগোঁহাইৰ প্ৰতি সন্মান জনাই স্মৃতিচাৰণৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসমৰ সমাজ জীৱনৰ কেইবাগৰাকীও পুৰোধা ব্যক্তি, সাংবাদিক, বুদ্ধিজীৱি আৰু উদ্যমী উপস্থিত থাকে৷ ৰাইজৰ দলৰ কৰ্মী, আইআইটিকে ধৰি আগশাৰীৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ পৰা নিমন্ত্ৰিত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰা হয়। বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আব্দুল মান্নান, প্ৰাক্তন অসামৰিক সেৱাৰ বিষয়া লক্ষ্মীনাথ তামুলী, বিশিষ্ট চিকিৎসক ডা০ নৱনীল বৰুৱা, বিশিষ্ট নিৱন্ধকাৰ তথা উদ্যোগী ব্ৰজেন ডেকা, গৱেষক তথা যুৱ লেখক অংকুৰ তামুলী ফুকন, নিবন্ধকাৰ কিশোৰ কুমাৰ কলিতা, মৃণাল গোঁহাই, নয়ন কুমাৰ বৰা, বিশিষ্ট উদ্যমী হীৰেন চেতিয়া, নিপেন চেতিয়া, সূৰুয চেতিয়া, মৃদুল চৌধুৰী, ৰাণী গোহাঁই, দেৱব্ৰত গগৈ, শুভ্ৰম গোস্বামী, ৰাইজৰ দলৰ ৰাজনৈতিক উপদেষ্টা তথা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সীতানাথ লহকৰ, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনশ্যাম নাথ, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ, চিপিআই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈ, চিপিআইএমদলৰ জ্যেষ্ঠ নেতা নয়ন ভূঞা, নিৰংকুশ নাথ, অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ সভাপতি জনছ ইংতি কাথাৰ, বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰ, অতনু ভূঞা, শোণিত কুমাৰ ভূঞা আদি উপস্থিত থাকে। এক অগতানুগতিক কাৰ্যসূচীৰে পালন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ কেবাগৰাকীও উদ্যোগ, ছাত্ৰ-যুৱৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে ৰাইজৰ সমস্যাসমূহ জানিবলৈ প্ৰয়াস কৰে দলটোৱে৷

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…