

সুন্দৰী কন্যা এগৰাকী ৰাজসিংহাসনত বহিছে৷ তাকে লৈ সমগ্ৰ বিশ্বত চৰ্চা হৈছে৷ চৰ্চা হ’বই৷ তেওঁ সঁচাকৈ ৰূপৱতী৷ এছিয়া মহাদেশৰ দেশ থাইলেণ্ডৰ শাসক পৰিৱৰ্তন হৈছে৷ নতুন শাসকগৰাকীয়ে দায়িত্বভাৰ লাভ কৰিছে৷ নতুনকৈ দায়িত্বভাৰ পোৱা নেত্ৰীগৰাকী হৈছে এগৰাকী ৰূপময়ী মহিলা৷
থাইলেণ্ডৰ সংসদত নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰে৷ বিভাজনকাৰী প্ৰাক্তন নেতা থাকচিন শ্বিনাৱাট্ৰাৰ কনিষ্ঠ কন্যা পেটংটাৰ্ণ শ্বিনাৱাট্ৰাক প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰা হয়৷ ৩৭ বছৰ বয়সত দেশখনৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় পেটংটাৰ্ণ।
শ্বিনাৱাট্ৰা পৰিয়াল তৃতীয়গৰাকী নেতা পেটংটাৰ্ণে গুৰু দায়িত্ব লাভ কৰিছে। পিতৃ আৰু পেহীয়েক ইংলাক শ্বিনাৱাট্ৰা প্ৰধানমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰিছে৷ পেটংটাৰ্ণ ৩১৯টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীয়ে ১৪৫টা ভোট লাভ কৰে৷