ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল, পঞ্চায়তত নথি সংগ্ৰহত কংগ্ৰেছ প্ৰাৰ্থীক হাৰাশাস্তিৰ অভিযোগ

ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ লক্ষ্যৰে অহা ২ আৰু ৭ মে’ত ভোটগ্ৰহণ হ’বলগা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীসকলক শাসকীয় দলৰ নেতা আৰু গুণ্ডাবাহিনীয়ে চৰম অত্যাচাৰ চলাইছে৷ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীসকলক ভয়-ভাবুকি দিয়াৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহত বাধা দিয়া হৈছে৷ আজি এই অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই৷ এক সংবাদমেলত শৰ্মাই অসমৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ প্ৰাৰ্থীসকলক মনোনয়ন পত্ৰ জমা নিদিবলৈ শাসকীয় পক্ষৰ ভেৰণীয়া গুণ্ডাই ভীতি প্ৰদৰ্শন কৰিছে৷ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত বিজেপি দলৰ সমৰ্থকসকলে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক নথি আনিবলৈ যোৱাত বাধা দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰি ভাবুকি প্ৰদান কৰিছে৷ শৰ্মাই কয় যে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকী আৰু সাধাৰণ সম্পাদক ৰাজেশ পান্দিয়াই এই সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছে৷ জামগুৰি আৰক্ষী থানাতো গোচৰ দিয়া হৈছে যদিও আৰক্ষীয়ে প্ৰাৰ্থীসকলক নিৰাপত্তা দিয়া অথবা দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই৷ শৰ্মাই কয় যে নদুৱাৰত পাঁচমাইল আৰু চকীঘাট এলেকাত কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলক প্ৰয়োজনীয় নথি সংগ্ৰহত বাধা প্ৰদান কৰা হৈছে৷ গহপুৰ মহকুমাতো অনুৰূপ ঘটনা ঘটিছে৷ গুৱাহাটী মহানগৰ জিলাৰ ৰাণী অঞ্চলটো কংগ্ৰেছ প্ৰাৰ্থীক ভাবুকি দিয়াৰ অভিযোগ উঠিছে৷ শৰ্মাই কয় যে বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে এক ঢৌ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত শাসকীয় দলে পঞ্চায়ত নিৰ্বাচনত মুখ থেকেচা খোৱাৰ ভয়ত কংগ্ৰেছ কৰ্মীসকলক ভীতি প্ৰদৰ্শন কৰিছে৷ তেওঁ লগতে কয় যে বিভিন্ন নথি-পত্ৰ সংগ্ৰহৰ প্ৰক্ৰিয়াও অতি জটিল হৈ পৰিছে৷ ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰি মুক্ত আৰু নিকা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনায় প্ৰাক্তন সাংসদগৰাকীয়ে৷ সংবাদমেলখনত দলৰ উপ-সভাপতি মেহদী আলম বৰা উপস্থিত থাকে৷

  • Related Posts

    পুনৰ অসম আৰক্ষীৰ জালত ৫ বাংলাদেশী

    ভাৰত-বাংলাদেশ সীমান্তত সষ্টম হৈ আছে ভাৰতৰ নিৰাপত্তাৰক্ষী৷ বাংলাদেশত গণ অভ্যুত্থানৰ পিছতে শ-শ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ ফলত ভাৰতৰ নিৰাপত্তাৰক্ষী সষ্টম হৈ আছে৷ প্ৰতিনিদি বাংলাদেশী নাগৰিক জালত পৰাৰ পিছতে পুনৰ…

    পহিলা বহাগ মুকালমুৱাৰ নাৰায়ণপুৰত বিশেষ কাৰ্যসূচী

    পহিলা বহাগৰ দিনটোত মুকালমুৱাৰ নাৰায়ণপুৰত বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ পণ্ডিত মহেশ্বৰ ডেকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা উপলক্ষে শিক্ষক, শিক্ষাবিদ, বুদ্ধিজীৱী আৰু যুৱশক্তি এক হৈ বিহুৱান প্ৰদানৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…