ৰাজীৱ শদিয়াৰ পৰিয়ালক ৫ লাখ টকাৰ সাহায্য ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠনৰ লগতে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷ বিভিন্ন দল-সংগঠনে ৰাজীৱ শদিয়াৰ পত্নীক চাকৰি প্ৰদানৰ দাবী উত্থাপন কৰি আহিছে যদিও ৰাজীৱ শদিয়াক আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজীৱ শদিয়াৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক অনুদানৰ ঘোষণা কৰে। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লোৱাৰ মাজতে শিল্পীগৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰি ভৱিষ্যতে যাতে কোনো শিল্পীৰ পৰিয়াল বিপদত পৰিব নালাগে, তাৰ ব্যৱস্থাৰ গ্ৰহণ কৰা হ’ব বুলি কয়৷ সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে কোনো শিল্পীৰ মৃত্যু হ’লে পৰিয়ালক কেনেকৈ সংস্থাপন দিব তাক লৈ আজিলৈ চৰকাৰে নীতি গ্ৰহণ কৰা নাই৷ ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে৷ ৰাজীৱ শদিয়াৰ দৰে আন কাৰোবাৰো হ’ব পাৰে৷ সময়ত সকলোৰে লগতে থকা পাতি এই সম্পৰ্কত সিদ্ধান্ত লোৱা হ’ব৷ বিজেপি বিধায়ক বিনোদ হাজৰিকাই সংবাদমাধ্যমক কয় যে ৰাজীৱ শদিয়াৰ মৃত্যুৰ সময়ত মুখ্যমন্ত্ৰীগৰাকী বিদেশত আছিল৷ গতিকে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত শদিয়াৰ বিধায়ক বলীন চেতিয়াই মুখ্যমন্ত্ৰীক বিষয়টো অৱগত কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজীৱ শদিয়াৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ ঘোষণা কৰিছে৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে