ৰাজ্যজুৰি প্ৰেছ দিৱস পালন

অসমত উজনি-নামনিত বিভিন্ন জিলাৰ প্ৰশাসনৰ উদ্যোগত প্ৰেছ দিৱস পালন কৰা হয়৷ দেশৰ সাংবাদিকসকলৰ স্বাধীনতাক সুনিশ্চিত তথা সুস্থ কৰি ৰাখিবলৈ সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ দায়িত্বশীল সংবাদ মাধ্যমৰ অস্তিত্ব বজাই ৰাখি মানুহৰ ভালৰ বাবে বাতৰি প্ৰকাশৰ বাতাবৰণ গঢ়ি তুলিবলৈ আকৌ এবাৰ সাংবাদিকসকলে শপত লোৱা পৰিলক্ষিত হয়৷ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন প্ৰেছ ক্লাৱ, জাৰ্ণেলিষ্ট ইউনিয়ন তথা জিলা প্ৰশাসনে আলোচনা চক্ৰ, বক্তৃতানুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷ সাংবাদিকৰ সুৰক্ষা, আৰ্থিক পৰিস্থিতি, প্ৰকৃত স্বাধীনতা সুনিশ্চিত কৰাৰ দিশ আলোচনা কৰে৷ আজি প্ৰেছ দিৱস পালন কৰি সাংবাদিকতাৰ পেশাগত নৈতিকতাক বজাই ৰখাৰ স্বাৰ্থক সাৰোগত কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰি ৰখাৰ বাবে পুনৰ এটি বছৰৰ সাজু হয় সাংবাদিকসকল৷ বিভিন্ন মাধ্যমত জড়িত সাংবাদিকল সকল ১৯৬৬ চনত সাংবিধানিক সংস্থা ৰূপে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ স্থাপন কৰিছিল। এই দিনটোকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছপা আৰু বৈদ্যুতিন মাধ্যমৰ লগতে ৱেব মিডিয়াকে ধৰি সকলো সংবাদসেৱীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে