

গুৱাহাটীঃ ৰাজ্যত অব্যাহত আছে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ সন্ত্ৰাস। এইবাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰে কলাইগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ এজন লাট মণ্ডল আৰু কাৰ্যালয়ৰ এজন গাড়ী চালক। ধৃত লাট মণ্ডলজন হৈছে ৰহিমান মণ্ডল আৰু চালকজন হৈছে ধ্ৰুৱ নাথ।
সূত্ৰৰ পৰা জানিব পৰা মতে, এটা গোচৰৰ মীমাংসাৰ বাবে ১০ হাজাৰ টকাৰ উৎকোচ লৈছিল লাট মণ্ডলজনে। তেওঁৰ হৈ এই ধন লৈছিল চালক ধ্ৰুৱ নাথে।
ইয়াৰ পূৰ্বে অসমৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে ১৮ জুলাইত শিলচৰৰ কাছাৰ সদৰ চক্ৰৰ পাটোৱাৰী নূৰুল হক বৰভূঞাক নিজৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ সময়তে আটক কৰিছিল। পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা মাটিৰ ক্ষতিপূৰণ দিয়াৰ সৈতে জড়িত এই ঘোচ। ইয়াৰ পূৰ্বে ধুবুৰীৰ ফকিৰগঞ্জ থানাৰ উপ-পৰিদৰ্শকক যোৱা ১৫ জুলাইত মুখ্যমন্ত্ৰী ভিজিলেন্সৰ দলে থানাত অভিযান চলাই উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।
ফজাইল হক নামেৰে পৰিচিত উপ-পৰিদৰ্শকজনৰ বিৰুদ্ধে চলি থকা অভিযোগৰ ফলত উৎকোচ লৈ হাতে-লোটে ধৰা পৰে।