ৰাজ্যত ভয়াবহ ৰূপ জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া, ডেংগুৰ! দুটা মাহত মৃত্যু ৩২ জনৰ

ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগুৱে। চৰকাৰী তথ্য অনুসৰি, চলিত বৰ্ষৰ জুন আৰু জুলাই মাহত ৰাজ্যত ম’ৰ দ্বাৰা সংক্ৰমিত এই তিনিটা ৰোগত ১১০০ জন লোক আক্ৰান্ত হৈছে। আনহাতে ইয়াৰে ৩২ জন লোকৰ মৃত্যু ঘটা বুলিও সদৰী কৰিছে চৰকাৰে।

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তথ্য অনুসৰি, সমগ্ৰ ৰাজ্যতে জুন আৰু জুলাই মাহত মুঠ ৪২৪ জন জাপানীজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে। ইযাৰে জুন মাহত ৪৮ গৰাকী এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে জুলাই মাহত ৩৭৬ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। জুন মাহত এই ৰোগত আক্ৰান্ত এজন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে জুলাই মাহত ২৮ জন লোকে প্ৰাণ হেৰুৱাইছিল।

ইয়াৰ সমান্তৰালভাৱে জুন মাহত ১৬৬ জন আৰু জুলাই মাহত ১৮৭ জন লোকৰ দেহত ধৰা পৰিছিল মেলেৰিয়া। উল্লেখ্য যে, মেলেৰিয়াত আক্ৰান্ত হৈ জুন মাহত তিনিজন ৰোগীৰ মৃত্যু হয়। ইয়াৰ বিপৰীতে জুন মাহত ৰাজ্যৰ ৮০ জন লোকৰ দেহত ডেংগু ধৰা পৰাৰ বিপৰীতে জুলাই মাহত ২১৪ জন লোকৰ দেহত ডেংগু ধৰা পৰে। ডেংগুৰ বাবে এতিয়ালৈকে ৰাজ্যৰ এজনো লোকৰ মৃত্যু হোৱা নাই।

উল্লেখ্য যে, এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই ৰোগসমূহৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে পলুনাশক স্প্ৰে কৰা, মহ প্ৰজনন হ্ৰাস কৰিবলৈ নলাত পলুভোজী মাছ এৰি দিয়াৰ ব্যৱস্থা কৰিছে । ৰাজ্য চৰকাৰে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে