ৰাজ্যৰ পথত মৃত্যুৰ কিৰিলি, শেষ হৈ গ’ল একেটা পৰিয়াল

বিগত ২৪ ঘণ্টাত ৰাজ্যত সংঘটিত ভয়ংকৰ কেইবাটাও পথ দুৰ্ঘটনাত ৭ বছৰীয়া ছাত্ৰসহ ৮গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ কাছাৰৰ শিলচৰ-কালাইন পথত একেটা পৰিয়ালৰে ৪গৰাকী লোকসহ মুঠ ৫গৰাকী লোকে একেলগে প্ৰাণ হেৰুৱাইছে৷ আনহাতে, গোৱালপাৰাৰ কৃষ্ণাইত ৭ বছৰীয়া ছাত্ৰই প্ৰাণ হেৰুৱাইছে৷ ৰাজ্যত আজিৰ দিনটোত পৃথক পৃথক ৫টা দুৰ্ঘটনাত ৮ গৰাকী লোকে মৃত্যুক আকোৱালি লৈছে। কাছাৰ জিলাৰ শিলচৰ-কালাইন পথৰ ৰাণীঘাটত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ ৰাণীঘাটত বলেৰ’ পিকআপ আৰু অটোৰ মাজত লগা সংঘৰ্ষ লাগে৷ তীব্ৰগতিত অহা বলেৰ’ পিকআপ ভানখনে অটোখনক খুন্দামাৰে৷ ফলত অটোখন চূচুৰ্মৈ হৈ পৰে৷ অটোখনত থকা দুগৰাকী মহিলা আৰু তিনিজন পুৰুষসহ ৫গৰাকীকৈ লোকে একেলগে প্ৰাণ হেৰুৱায়৷ এই সংঘৰ্ষত মুঠ ৫গৰাকী লোক নিহত হয় যদিও চাৰিগৰাকী লোক এটা পৰিয়ালৰে আছিল৷ স্বামী, স্ত্ৰী জাকিৰ হুছেইন, ৰেজিয়া বেগম, পুত্ৰ-কন্যা ৰেহানা বেগম আমিৰ হুছেইনৰ মৃত্যু হয়৷ শিলচৰ-কালাইন পথত দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। শিলচৰ-কালাইন পথত বালি-ডাম্পাৰ, বলেৰ’ পিকআপে আতংকৰ সৃষ্টি কৰি আহিছে৷ আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ ফলতে প্ৰায়ে এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ ইপিনে গোৱালপাৰাৰ কৃষ্ণাইত সংঘটিত এক কৰুণ পথ দুৰ্ঘটনাত ৭ বছৰীয়া ছাত্ৰই প্ৰাণ হেৰুওৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গোৱালপাৰা জিলাত৷ জিলাখনৰ কৃষ্ণাইত শোকাৱহ পথ এটি ৭ বছৰীয়া ছাত্ৰ আৰুষ ভট্টাচাৰ্য্য নিহত হয়৷ উদণ্ড চালকে এখন ই-ৰিক্সাৰে খুন্দা মৰাত কৃষ্ণাইৰ জ্যোতিনগৰৰ তথা কৃষ্ণাই পাব্লিক স্কুলৰ ২য় শ্ৰেণীৰ ছাত্ৰ আৰুষৰ মৃত্যু হয়৷ ফলত কৃষ্ণাই অঞ্চলত শোকৰ ছাঁ পৰিছে৷ ই-ৰিক্সাৰ খুন্দাত খুন্দাত থিতাতে নিহত এটি ৭ বছৰীয়া ছাত্ৰজন। দুৰ্ঘটনাৰ পিছতে কৃষ্ণাইত উত্তপ্ত পৰিস্থিতিৰ সষ্টি হয়৷ উত্তেজিত ৰাইজে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চালকে নথিপত্ৰ অবিহনে নীতিনিয়ম নমনাকৈ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰাৰো অভিযোগ আনে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অভিযোগ মতে, গোৱালপাৰা জিলাত একাংশ নীতি-নিয়ম নমনা বাহন চালকৰ তাণ্ডৱ অব্যাহত আছে৷ আৰক্ষীয়ে সময়ে সময়ে তালাচী চলাই তেনে চালকক নাকী লগাবলৈ প্ৰয়াস কৰে যদিও এবাৰ তালাচী চলাই দীৰ্ঘদিনলৈ পাহৰি থকাৰ ফলতে জিলাখনত একাংশ চালকে সন্ত্ৰাস সৃষ্টি কৰি গৈছে৷ আৰক্ষীয়ে তেনে চালকক নিয়ন্ত্ৰণ নকৰাৰ ভয়ংকৰ পৰিনাম আজি দেখা গ’ল৷ পাঠশালা, দেৰগাঁৱত দুটা পৃথক পথ দুৰ্ঘটনাত আন দুগৰাকী লোক নিহত হৈছে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে