ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যোগ দিৱস পালন

আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ১১ তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়৷ ৰাজ্য চৰকাৰৰ উদ্যোগত বাক্সা জিলাৰ শালবাৰীত যোগ দিৱস পালন কৰা হয়৷ ৰাজ্যিক যোগ দিৱস কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে৷ মুখ্যমন্ত্ৰীয়ে যোগাসন কৰি শান্তি আৰু সুস্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ কৰে৷ পুৱা ৬ বজাৰ পৰা বাক্সা জিলাৰ শালবাৰী মহকুমাৰ সদৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ উপলক্ষে ৰাজ্যিক পৰ্য্যায়ত মুখ্য কাৰ্যসূচী আয়োজন কৰা হৈছিল। এই অনুষ্ঠানৰ শুভাৰম্ভ হয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ আদৰণি ভাষণেৰে। এই মহত্বপূৰ্ণ দিনটোত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোগা অনুশীলনত অংশ লৈ ৰাইজক উদ্দেশ্যি ভাষণ দি কয় যে এই অঞ্চলটো এটা সময়ত হত্যা-হিংসাৰ দাবানলে জ্বলি আছিল। কিন্তু আজিৰ যোগ দিৱসৰ এই কাৰ্যসূচীয়ে প্ৰতিপন্ন কৰিছে যে আমি ইয়াত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো। এই অনুষ্ঠানৰ জৰিয়তে শালবাৰী তথা বাক্সা জিলাই ৰাষ্ট্ৰীয় পৰ্য্যায়তো এক নতুন গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছো৷ এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয় আছিল ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। দেশজুৰি উৎসাহ-উদ্দীপনাৰে উদযাপন হোৱা এই দিৱসত ৰাজনৈতিক নেতা, চৰকাৰী কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ ৰাইজে ব্যাপকভাবে অংশগ্ৰহণ কৰে। ব্ৰহ্মপুত্ৰৰ কাষৰ পৰা জম্মু-কাশ্মীৰৰ পাহাৰলৈ, দেশজুৰি বিভিন্ন পৰিৱেশত অনুষ্ঠিত যোগা অধিবেশনে মিলন, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামগ্ৰিক সু-স্বাস্থ্যৰ বার্তা প্ৰেৰণ কৰে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশ লোৱাৰ পাছত সংবাদমাধ্যমৰ সৈতে কথোপকথনত কয় যে অসমত আজিৰ দিনটোত যোগা দিৱস যথেষ্ট উৎসাহৰ সৈতে উদযাপন কৰা হ’ল। সকলোৰে মনোযোগেৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ ভাষণ শুনিছিল। মই সকলো অসমবাসীক আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস ২০২৫ উপলক্ষে আন্তৰিক অভিনন্দন জনাইছো। এক্সত মুখ্যমন্ত্ৰীগৰাকীয়ে যোগাক বিশ্বজনীন আন্দোলনত ৰূপান্তৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় ‘‘যোগাই আমাৰ মন শান্ত কৰে আৰু শৰীৰ পুনঃউজ্জীৱিত কৰে। এইটো আমাৰ পূৰ্বপ্ৰজন্মৰ পৰা অহা পৰম্পৰা, যি আজিৰ বিশ্বত আমি গুৰুত্ব দি প্ৰচাৰ কৰিছো ইয়াৰ উপৰিও, ৰাজ্যৰ আন জিলাসমূহতো আন্তৰিকতাৰ সৈতে যোগা দিৱস উদযাপন কৰা হয়। ওদালগুৰি জিলাৰ ডিচি অফিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই অংশ লৈ যোগা অনুশীলন কৰে। তেনে একে ধৰণে বিশ্বনাথ জিলাৰ কামলাকান্ত নাট্য সমাজ প্ৰেক্ষাগৃহত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত জলসিঞ্চন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকে। এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে অসমৰ প্ৰত্যেকখন জিলা তথা অঞ্চলত এক গম্ভীৰ আৰু সজাগ মনোভাৱৰে যোগাক জীৱনশৈলীৰ অংশ হিচাপে গ্ৰহণ কৰা দেখা গৈছে৷

 

  • Related Posts

    শিলসাঁকোৰ উচ্ছেদিতৰ আৱেগিক প্ৰতিবাদঃ “আমি মানুহ নহয় নে? অসমীয়াই নহয় নে?”

    মহানগৰীৰ শিলসাঁকো উচ্ছেদিত পৰিয়ালসকলে আজি আকৌ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনত উচ্ছেদ হৈ তিনিবছৰ ধৰি আশ্ৰয়হীন জীৱন কটাই থকা এই পৰিয়ালসকলে পুনৰ সংস্থাপন আৰু উপযুক্ত…

    অসমীয়া ভাষাৰ বিৰুদ্ধে মন্তব্য — মইনুদ্দিনক গ্ৰেপ্তাৰৰ দাবী, ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

    অসমীয়া ভাষা আৰু জাতিসত্তাক লক্ষ্য কৰি প্ৰদান কৰা **ABMSU (অল বিটিচি মাইনৰিটি ছাত্ৰ ইউনিয়ন)**ৰ এগৰাকী নেতাৰ বিতৰ্কিত মন্তব্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মইনুদ্দিন আলী নামৰ উক্ত নেতাগৰাকীয়ে ধুবুৰীৰ চাপৰৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে